জগদীপ ধনখড়ৰ উত্তৰসূৰী কোন? ৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন
নিৰ্বাচন আয়োগে আজি উপ-ৰাষ্ট্ৰপতি পদৰ বাবে ৯ ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অধিসূচনা জাৰি কৰিছে। কিয়নো প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ২১ জুলাইত হঠাৎ তেওঁৰ পদৰ পৰা পদত্যাগ কৰিছিল। ফলত তেওঁৰ পদত্যাগৰ পিছত এই পদটো খালী হৈ পৰিছে। নিৰ্বাচন আয়োগে জাৰি কৰা অধিসূচনা অনুসৰি, ৭ আগষ্টৰ পৰা ২১ আগষ্টলৈকে মনোনয়ন দাখিল কৰা হ’ব। ইয়াৰ পিছত ৯ ছেপ্টেম্বৰত পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে ভোটদান অনুষ্ঠিত হ’ব।
নিৰ্বাচন আয়োগে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সম্পূৰ্ণ সময়সূচী প্ৰকাশ কৰিছে। সেই অনুসৰি, ৭ আগষ্টত অধিসূচনা জাৰি কৰা হ’ব। ২১ আগষ্ট মনোনয়ন দাখিলৰ শেষ তাৰিখব। ২২ আগষ্টলৈকে মনোনয়ন পত্ৰৰ পৰীক্ষণ কৰা হ’ব। প্ৰাৰ্থীসকলে ২৫ আগষ্টলৈকে নিজৰ নাম প্ৰত্যাহাৰ কৰিব পাৰিব। ৯ ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। একেদিনা সন্ধিয়া ভোট গণনা হ’ব আৰু ফলাফল ঘোষণা কৰা হ’ব।
উল্লেখ্য যে ভাৰতত উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন সংসদৰ উভয় সদনৰ সদস্যই কৰে। ইয়াত লোকসভা আৰু ৰাজ্যসভাৰ সকলো সাংসদে ভোটদান কৰে, তেওঁলোক নিৰ্বাচিত হওক বা মনোনীত হওক। এই প্ৰক্ৰিয়া গোপন ভোটদানৰ জৰিয়তে সম্পন্ন হয় আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে সাংসদৰ মুঠ সংখ্যাৰ ওপৰত ভিত্তি কৰি সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হয়। এটা গুৰুত্বপূৰ্ণ কথা হ’ল এই নিৰ্বাচন পোষ্টেল-বেলটৰ জৰিয়তে অনুষ্ঠিত হয়।
মন কৰিব লগা লোকসভাত মুঠ ৫৪২ সদস্যৰ ভিতৰত এনডিএৰ হাতত ২৯৩ সদস্য আছে। আনহাতে, ইণ্ডিয়া জোঁটবন্ধনৰ হাতত ২৩৪ সদস্য আছে। ৰাজ্যসভাত ২৪০ সদস্যৰ কাৰ্যকৰী সংখ্যাৰ ভিতৰত এনডিএৰ প্ৰায় ১৩০ আৰু ইণ্ডিয়া জোঁটবন্ধনৰ ৭৯ সাংসদৰ সমৰ্থন আছে। ফলত এনডিএৰ হাতত মুঠ ৪২৩ আৰু ইণ্ডিয়াৰ হাতত ৩১৩ সাংসদৰ সমৰ্থন আছে। বাকী সদস্যসকল কোনো গোষ্ঠীৰ সৈতে জড়িত নহয়।
প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি ধনখড়ে সংসদৰ গ্ৰীষ্ম অধিবেশনৰ আৰম্ভণিতে পদত্যাগ কৰিছিল। তেওঁৰ হঠাৎ পদত্যাগে ৰাজনৈতিক ক্ষেত্ৰত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছিল। বিৰোধীয়ে অভিযোগ কৰিছিল যে ধনখড়ৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে সম্পৰ্ক ভাল নাছিল আৰু এই কাৰণেই তেওঁ নিজেই পদত্যাগ কৰিছিল। উল্লেখযোগ্য যে এতিয়ালৈকে উপ-ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থীৰ ঘোষণা কৰা হোৱা নাই। ভাৰতীয় জনতা পাৰ্টীয়েও (BJP) তেওঁলোকৰ প্ৰাৰ্থীৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই।
Niyomiya Barta Desk, 1 August, 2025