নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিকটকৰ ভাৰতীয় ব্যৱসায় কিনিব ৰিলায়েন্সে !

নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট: টিকটক ! এটা প্ৰজন্মৰ বাবে মেনিয়া হোৱা এই টিকটকে এতিয়া ভাৰতত নিষিদ্ধ । কিন্তু এতিয়াও ভাৰতৰ ওপৰত শেন চকু এৰি দিয়া নাই টিকটকে । বিশেষকৈ ভাৰতীয় বজাৰখন পুনৰ ঘূৰাই ল’বলৈ উঠিপৰি লাগিছে প্ৰতিষ্ঠানটোৱে ।

শেহতীয়াকৈ জানিব পৰা মতে ভাৰতত নিষিদ্ধ হোৱাৰ পিছত প্ৰতিষ্ঠানটোৱে পুনৰ ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ প্ৰয়াস কৰিছে । লগতে টিকটকৰ পেৰেণ্ট কোম্পানী বাইটডান্সে টিকটকৰ ভাৰতীয় ব্যৱসায়ৰ বাবে ৰিলায়েন্স ইণ্ডাট্ৰিজ লিমিটেডক বিক্ৰী কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে । অৱশ্যে এতিয়ালৈ দুয়োটা প্ৰতিষ্ঠানৰ মাজত হোৱা নাই কোনো চুক্তি ।

You might also like