নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেংক জালিয়াতিৰ গোচৰত ফাৰ্মৰ গোপন লকাৰৰ পৰা জব্দ ৪৩১ কেজি সোণ-ৰূপ

বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰঃ বেংক ঋণ জালিয়াতিৰ অভিযোগৰ সৈতে জড়িত ধন সৰবৰাহৰ তদন্তৰ অংশ হিচাপে এটা Raksha Bullion কোম্পানীৰ গোপন লকাৰত তালাচী চলোৱাৰ পিছত আজি বলৱৎকাৰী সঞ্চালকালয়ে ৪৩১ কিলোগ্ৰাম সোণ-ৰূপ জব্দ কৰে, যাৰ মূল্য ৪৭ কোটিতকৈ অধিক। জনা মতে, পাৰেখ এলুমিনেক্স লিমিটেড নামৰ এটা কোম্পানীৰ বিৰুদ্ধে গোচৰৰ সৈতে জড়িত Raksha Bullion আৰু ক্লাছিক মাৰ্বলছৰ চৌহদত অভিযান চলোৱা হৈছে। অভিযানৰ সময়ত বুলিয়ন কোম্পানীটোৰ চৌহদত কিছুমান গোপন ব্যক্তিগত লকাৰৰ চাবি উদ্ধাৰ কৰা হৈছে। কোৱা হৈছে যে, “ব্যক্তিগত লকাৰসমূহত তালাচী চলোৱাৰ লগে লগে দেখা গ’ল যে উপযুক্ত নীতি-নিয়ম মানি নোলোৱাকৈ লকাৰত অভিযান চলোৱা হৈছে। কোনো কে ৱাই চি মানি চলা নাছিল আৰু চৌহদত কোনো চিচি টিভি কেমেৰা স্থাপন কৰা হোৱা নাছিল আৰু কোনো ইন এণ্ড আউট ৰেজিষ্টাৰ নাছিল।” চৌহদটোত ৭৬১ টা লকাৰ আছিল ইয়াৰে তিনিটা Raksha Bullionৰ বুলিও কোৱা হৈছে। “লকাৰসমূহ খোলাৰ লগে লগে দুটা লকাৰত ৯১.৫ কিলোগ্ৰাম সোণ আৰু ১৫২ কিলোগ্ৰাম ৰূপ উদ্ধাৰ কৰা হয়, উদ্ধাৰ পিছত এই সকলো জব্দ কৰা হয়।” লগতে Raksha Bullionৰ চৌহদৰ পৰা অতিৰিক্ত ১৮৮ কেজি ৰূপো জব্দ কৰা হৈছে। জব্দ কৰা সোণ-ৰূপৰ মুঠ মূল্য ৪৭.৭৬ কোটি বুলি বলৱৎকাৰী সঞ্চালকালয়ে প্ৰকাশ কৰিছে। পাৰিখ এলুমিনেক্স লিমিটেডৰ বিৰুদ্ধে হোৱা ধন সৰবৰাহৰ গোচৰটো ২০১৮ চনৰ মাৰ্চ মাহৰ পৰাই আৰম্ভ হৈছিল য’ত অভিযোগ কৰা হৈছিল যে কোম্পানীটোৱে “বেংকক প্ৰতাৰণা কৰি ২,২৯৬.৫৮ কোটিৰ ঋণ লৈছিল।” এই ধন, বলৱৎকাৰী সঞ্চালকালয়ে দাবী কৰিছিল, তাৰ পিছত “বিভিন্ন কোম্পানীসমূহৰ জৰিয়তে স্তৰিত কৰি চাইফন কৰি পেলোৱা হৈছিল।” সংস্থাটোৱে কয় যে “অসুৰক্ষিত ঋণ আৰু বিনিয়োগৰ প্ৰসংগত ধনখিনি বিভিন্ন একাউণ্টলৈ প্ৰেৰণ কৰা হৈছিল। ঋণ লোৱাৰ উদ্দেশ্য একেই নাছিল আৰু এনে লেনদেনৰ বাবে কোনো চুক্তিও কৰা হোৱা নাছিল।”

You might also like