নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ ডলাৰৰ তুলনাত হ্রাস ভাৰতীয় টকাৰ মূল্য

নিয়মীয়া বাৰ্তা, ২৯ জুন: পুনৰ আমেৰিকান ডলাৰৰ তুলনাত অৱনতি ঘটিছে ভাৰতীয় টকাৰ মূল্য৷ আজি বজাৰ খোলাৰ সময়ত প্রতি ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৭৮.৭৮ টকালৈ অৱনমিত হয়৷ অর্থনীতিবিদসকলৰ একাংশই ধাৰণা কৰা অনুসৰি ৰুছ–ইউক্রেইন যুদ্ধৰ বাবেই বিশ্বত খাৰুৱা তেলৰ দাম ক্রমাগতভাৱে বৃদ্ধি পোৱাৰ ফলতেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে৷ স্মর্তব্য যে বিগত মে’ মাহৰ পৰা ধাৰাবাহিকভাৱে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ্রাস পাই আহিছে৷

You might also like