নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ জুলাইৰ পৰা পঞ্জাবত বিনামূলীয়া বিদ্যুৎ যোগান

নিয়মীয়া বাৰ্তা, ২৯ জুন: পঞ্জাবত প্রতিশ্রুতি প্রদান কৰা অনুসৰি আম আদমী পার্টী (আপ) চৰকাৰে আগন্তুক পহিলা জুলাইৰ পৰা বিনামূলীয়াকৈ যোগান ধৰিব বিদ্যুৎ৷ আজি চৰকাৰৰ প্রথম বাজেট দাখিল কৰিবলৈ গৈ এই কথা ঘোষণা কৰিছে ৰাজ্যখনৰ বিত্তমন্ত্রী হৰপাল সিং চিমাই৷

উল্লেখনীয় যে পঞ্জাবত অভূতপূর্ব বিজয় সাব্যস্ত কৰি ক্ষমতা দখল কৰাৰ এমাহ পিছতে নির্বাচনী প্রতিশ্রুতি মানি বিনামূলীয়াকৈ প্রতিমাহে প্রতিটো পৰিয়ালক ৩০০ ইউনিটপর্যন্ত বিদ্যুৎ যোগান ধৰা হ’ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্রী ভগৱন্ত সিং মানে৷  চৰকাৰৰ প্রথমখন বাজেট দাখিল কৰা হৈছে৷ শিক্ষা, স্বাস্থ্য, কৃষি ক্ষেত্রত অগ্রাধিকাৰ দিয়া হৈছে বাজেটত৷ কৃষি ক্ষেত্রত ১১,৫৬০ কোটি টকা ধার্য কৰিছে ভগৱন্ত মান চৰকাৰে৷ খৰাং পৰিস্থিতিৰ মোকাবিলাৰ বাবে ধার্য কৰা হৈছে ২০০ কোটি টকা৷ ইফালে, আগন্তুক ৫ বছৰত ১৬খন মেডিকেল কলেজ স্থাপনৰ প্রতিশ্রুতি দিছে চৰকাৰে৷

You might also like