নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিজার্ভ বেংকৰ গৱর্নৰ শক্তিকান্ত দাসৰ কার্যকাল তিনি বছৰলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰ: ৰিজার্ভ বেংকৰ গৱর্নৰ শক্তিকান্ত দাসৰ কার্যকালৰ সময়সীমা আৰু তিনি বছৰ বৃদ্ধি কৰিছে কেন্দ্রীয় চৰকাৰে৷ কেন্দ্রীয় মন্ত্রীসভাৰ নিয়োগ সংক্রান্তত থকা সংশ্লিষ্ট কমিটীয়ে শুকুৰবাৰে এই সিদ্ধান্তত অনুমোদন জনাইছে৷

২০১৮ চনৰ ডিচেম্বৰ মাহত উর্জিত পেটেলৰ ইস্তফাৰ পাছত শক্তিকান্ত দাসক আৰ বি আইৰ গৱর্নৰ পদত নিয়োগ কৰিছিল মোদী চৰকাৰে৷ দাসৰ প্রথম পর্যায়ৰ কার্যকালৰ ম্যাদ আছিল আগন্তুক ডিচেম্বৰ পর্যন্ত৷ কিন্তু কেন্দ্রীয় চৰকাৰৰ নতুন সিদ্ধান্ত অনুসৰি আগন্তুক ডিচেম্বৰৰ পৰা তিনি বছৰলৈ শক্তিকান্ত দাসৰ গৱর্নৰ পদৰ কার্যকাল বৃদ্ধি কৰা হৈছে৷

স্মর্তব্য যে দাসৰ কাম–কাজক লৈ বিৰোধী দলসমূহে বিভিন্ন সময়ত প্রতিবাদ কৰি আহিছে যদিও কেন্দ্রীয় চৰকাৰে দাসক এগৰাকী দক্ষ বিষয়া হিচাপে আখ্যা দিছে৷ দেশৰ ভয়াৱহ আর্থিক পৰিস্থিতিৰ মাজতো ৰিজার্ভ বেংকৰ গৱর্নৰ হিচাপে দাসে দক্ষতাৰে কাম–কাজ চলাই যোৱা বুলি মোদী চৰকাৰে ঘোষণা কৰিছে৷ ইয়াৰ বাবেই দাসক পুনৰ তিনিটা বছৰৰ বাবে একেটা পদত ৰখাৰ সিদ্ধান্ত লৈছে কেন্দ্রীয় মন্ত্রীসভাই৷

You might also like