নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে টিকটকে তৰিলে গোচৰ

নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ টিকটক কৰ্তৃপক্ষই গোচৰ তৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে। লজ এঞ্জেলছৰ ফেডাৰেল আদালতত তৰা হৈছে এই গোচৰ। চীনা এপ কোম্পানীটোৰ অভিযোগ যে ড’নাল্ড ট্ৰাম্পে অহা ৩ নৱেম্বৰত হ’ব লগা আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চীনবিৰোধী ঢৌ সৃষ্টি কৰাৰ স্বাৰ্থতে টিকটক নিষিদ্ধ কৰাৰ দৰে কাৰ্য হাতত তুলি লৈছিল।

কোম্পানীটোৱে ট্ৰাম্পৰ লগতে আমেৰিকাৰ বাণিজ্য মন্ত্ৰালয় আৰু বাণিজ্য সচিব উইলবাৰ ৰোছৰ নামো অভিযোগনামাত উল্লেখ কৰে।

উল্লেখ্য যে আমেৰিকাৰ নিৰাপত্তাৰ স্বাৰ্থৰ দোহাই দি টিকটক নিষিদ্ধকৰণৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছিল আমেৰিকাই। কিন্তু কোম্পানীটোৱে আমেৰিকাৰ এই অভিযোগ অস্বীকাৰ কৰি কয় যে টিকটকৰ আমেৰিকান ইউজাৰ্ছৰ ব্যক্তিগত ডাটা সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত কোম্পানীটোৱে ‘অসাধাৰণ উপায়’ অৱলম্বন কৰে।

টিকটকে কয় যে এখন চৰকাৰৰ বিৰুদ্ধ গোচৰ ৰুজু কৰোটো সাধাৰণ কথা নহয়। কিন্তু কোম্পানীটোৰ হাতত এতিয়া অন্য উপায়ো নাই।

You might also like