নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগষ্টত যাত্রীবাহী বাহনৰ বিক্রী ১৪ শতাংশ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ ক’ভিড–১৯সৃষ্ট পৰিৱেশৰ মাজতো যান–বাহন খণ্ডত আশাৰ বতৰা৷ বিগত বর্ষৰ আগষ্ট মাহৰ তুলনাত চলিত বর্ষৰ আগষ্টত যাত্রীবাহী বাহনৰ বিক্রী ১৪.১৬ শতাংশ বৃদ্ধি পাইছিল৷ ছ’চাইটী অৱ ইণ্ডিয়ান অটোম’বাইল মেনুফেক্সার্ছে (এছ আই এ এম) প্রকাশ কৰা তথ্য মতে, যাত্রীবাহী বাহনৰ বিক্রী আগষ্ট মাহত বৃদ্ধি পাইছে৷

বিগত ৯ মাহ ধৰি বাহনৰ বিক্রী নিম্নগামী হৈ থকাৰ পাছত আগষ্ট মাহত এই বাহনৰ বিক্রী ১৪.১৬ শতাংশ বৃদ্ধি যান–বাহন খণ্ডত ইতিবাচক বার্তা হিচাপে বিবেচিত হৈছে৷ বিগত বর্ষৰ আগষ্ট মাহৰ তুলনাত চলিত বর্ষৰ আগষ্ট মাহত ভানৰ বিক্রী ৩.৮২ শতাংশ বৃদ্ধি পাইছে৷ অর্থাৎ ২০১৯ চনৰ আগষ্ট মাহত ৯,০১৫ ইউনিট বিক্রী হোৱাৰ বিপৰীতে ২০২০ৰ আগষ্টত বিক্রী হৈছে ৯,৩৫৯ ইউনিট৷ দুচকীয়া বাহন বাইকৰ বিক্রী ৩ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে স্কুটাৰৰ বিক্রী ১২.৩ শতাংশ হ্রাস পাইছে।

You might also like