নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাহিলিপাৰাৰ সর্বশিক্ষা মিছনৰ সন্মুখৰ পদপথৰ ভগা শ্লেবে মাতিছে বিপদ

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ গুৱাহাটী পৌৰ নিগমৰ নির্বাচনৰ জোৰদাৰ প্রচাৰ অভিযান চলি থকাৰ সময়তে পোহৰলৈ আহিছে মহানগৰীৰ বহু জ্বলন্ত সমস্যা৷ কাহিলিপাৰাৰ মিছন সর্বশিক্ষা অভিযানৰ কার্যালয়ৰ সন্মুখৰ পদপথৰ ওপৰত থকা ভগা শ্লেবে এতিয়া মাতিছে ভয়ংকৰ বিপদ৷ অতি ব্যস্ত অঞ্চল হিচাপে পৰিগণিত হোৱা এই পদপথটোৰে নিতৌ অহা–যোৱা কৰে শ শ লোকে৷ অতি বিপদসংকুলভাৱে অহা–যোৱা কৰাৰ সময়তে সংঘটিত হ’ব পাৰে ভয়ংকৰ অঘটন৷ যিকোনো মুহূর্তত উন্মুক্ত নলাত সোমাই যাব পাৰে পথচাৰী৷ সেয়েহে অতি গুৰুত্বপূর্ণ এটা কার্যালয়ৰ সন্মুখৰ পদপথত বিপদসংকুলভাৱে থকা এইটো নলাৰ শ্লেব লগাবলৈ চৰকাৰ তথা প্রশাসনক আহ্বান জনাইছে সচেতন ৰাইজে৷ কাৰণ এই উন্মুক্ত নলাত পৰি ইতিমধ্যে গুৰুতৰভাৱে আহত হৈছে বহু পথচাৰী৷

You might also like