নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত আছে ২.৪৯ লাখ শতবর্ষৰ ঊর্ধ্বৰ ভোটদাতা

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰ: বিশ্বৰ বৃহত্তম সংসদীয় গণতন্ত্র হিচাপে চিহ্ণিত ভাৰতত বয়োজ্যেষ্ঠ ভোটাৰৰ সংখ্যাও কম নহয়৷ আজি দেশৰ মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সদৰী কৰা অনুসৰি ভাৰতত ১০০ বছৰ বয়সৰ ঊর্ধ্বত আছে ২.৪৯ লাখ ভোটাৰ৷ ইয়াৰ উপৰি ১.৮০ কোটি ভোটাৰৰ বয়স হৈছে ৮০ বছৰৰ ঊর্ধ্বত৷ মহাৰাষ্ট্রৰ পুনেত ৰাষ্ট্রীয় পর্যায়ত ভোটাৰ তালিকাত নাম পঞ্জীয়ন সন্দর্ভত সজাগতা সৃষ্টিৰ বাবে এক বাইচাইকেল ৰেলী মুকলি কৰি  মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে এই কথা সদৰী কৰিছে৷

লক্ষণীয়ভাৱে নগৰ অঞ্চলত ভোটাৰ তালিকাত নাম পঞ্জীয়নৰ ক্ষেত্রত সজাগতা সৃষ্টিৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰিছে নির্বাচন আয়োগে৷ হিমালয়ৰ সু–উচ্চ শৃংগৰ সমীপৰ পৰা দক্ষিণৰ সমুদ্র উপকূলত ৬০০০ কিলোমিটাৰ পথৰ পৰা পশ্চিমৰ মৰুভূমি আৰু পূবৰ দুর্গম অঞ্চললৈ ভাৰতত আছে ভোটাৰ৷ উল্লেখনীয় যে এতিয়ালৈকে দেশত কেইবাটাও নির্বাচনত ভোটদান কৰা শতবর্ষৰ ঊর্ধ্বৰ লোক ভাৰতত থকা বুলি উল্লেখ কৰি এয়া দেশৰ বাবে গৌৰৱ বুলিও অভিহিত কৰে মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে৷ স্মর্তব্য যে কেইদিনমান পূর্বে দেশৰ প্রথমগৰাকী ভোটাৰ শ্যামচৰণ নেগীৰ দেহাৱসান ঘটিছে ১০৬ বছৰ বয়সত৷

You might also like