নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুনমাটি–পানীখাইতীৰ চৰ–চাপৰিত আৰক্ষীৰ অভিযান

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ গণৰাজ্য দিৱসৰ কূটাঘাতকাৰী তথা সন্ত্রাসবাদীৰ আক্রমণ প্রতিহত কৰিব পৰাকৈ অসম আৰক্ষীয়ে সুৰক্ষাৰ ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷ বিশেষকৈ উত্তৰ–পূর্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰীত যাতে কোনো দুষৃকতিকাৰীয়ে কূটাঘাতমূলক কার্য সম্পন্ন কৰিব নোৱাৰে, তাৰ প্রতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে মহানগৰীৰ বিভিন্ন প্রান্তৰ লগতে মহানগৰীৰ পার্শ্বৱর্তী বোন্দা, চপাইদাং আদি অঞ্চলৰ প্রতিটো চুকে–কোনে তালাচী অভিযান চলাই আছে৷

নুনমাটি থানা এলেকাৰ চৰ–চাপৰি, পাহাৰ–ভৈয়াম আদি অঞ্চলত যাতে দুষৃকতিকাৰীয়ে বাহৰ পাতি কূটাঘাতমূলক কার্য সম্পন্ন কৰিব নোৱাৰে তাৰ বাবে নুনমাটি সংমণ্ডলৰ এচিপি জিকিৰাণী মহন্ত আৰু ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰুৱাৰ নেতৃত্বত অর্ধসামৰিক বাহিনী আৰু আৰক্ষীৰ এটি বৃহৎ দলে গুৱাহাটী শোধনাগাৰৰ পার্শ্বৱর্তী এলেকা, ব্রহ্মপুত্রৰ চৰ–চাপৰি, চূণচালি, চপাইদাং আদি অঞ্চলত এক তালাচী অভিযান চলায়৷ অভিযানকাৰী দলটোৱে সন্দেহজনক লোকৰ বাসগৃহত তন্নতন্নকৈ অভিযান চলায়৷

ইয়াৰ উপৰি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰে যথাসম্ভৱ প্রতিগৰাকী ব্যক্তিকে কূটাঘাতমূলক কার্য ৰোধৰ বাবে আৰক্ষী–প্রশাসনক সহায় কৰিবলৈ আহ্বান জনায়৷ তদুপৰি নুনমাটি আৰু পানীখাইতী আৰক্ষীয়ে পৃথকে স্থলপথত তালাচী অভিযান চলাই আছে৷ মহানগৰীত প্রৱেশ কৰা প্রতিখন সৰু–বৰ যান–বাহন আৰক্ষীয়ে তন্নতন্নকৈ নিৰীক্ষণ কৰি তালাচী অভিযান চলাই আছে৷ স্থলপথৰ উপৰি জলপথ আৰু ৰে’লপথতো আৰক্ষীয়ে তীক্ষ্ণ নজৰ ৰাখিছে৷ ইপিনে নাৰেংগী–চন্দ্রপুৰ সংযোগী ৰাজ্যিক ঘাইপথেৰে যাতে কোনো দুষৃকতিকাৰী মহানগৰীত প্রৱেশ কৰিব নোৱাৰে, তাৰ বাবে পানীখাইতী আৰক্ষীয়ে সময়ভেদে যান–বাহনসমূহ পৰীক্ষা কৰি আছে৷

You might also like