ৰাজপথত পৰিবহণ বিভাগৰ অভিযানঃ কৰ আদায় নিদিয়া বাহনৰ গৰাকীক জৰিমনা
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ অসম চৰকাৰৰ পৰিবহণ আয়ুক্তই ৰাজ্যৰ সকলো জিলা পৰিবহণ বিষয়াক বিভাগক যাৱতীয় কৰ–কাটল আদায় নিদিয়াকৈ পথত চলি থকা বাহনৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশনা জাৰি কৰিছে৷ এই নির্দেশনাৰ আধাৰত গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কার্যালয়ে ৬ মার্চৰ পৰা মহানগৰীৰ বিভিন্ন পথত কৰ আদায় নিদিয়াকৈ চলি থকা বাহনৰ বিৰুদ্ধে বিশেষ অভিযান আৰম্ভ কৰিছে৷ জিলা পৰিবহণ বিষয়াদ্বয় গৌতম দাস আৰু হিমাংশু দাসৰ নেতৃত্বত যান–বাহন পৰিদর্শক আৰু প্রৱর্তক পৰিদর্শকৰ দলে বিগত দুদিনত ভূতনাথ, গণেশগুৰি, খানাপাৰা, এ বি চি পইণ্ট, খ্রীষ্টানবস্তি আদিত চলোৱা অভিযানত পৰিবহণ বিভাগক যাৱতীয় কৰ আদায় নিদিয়াকৈ চলি থকা বিভিন্ন মডেলৰ শতাধিক ব্যৱসায়িক বাহন ধৰা পেলায়৷ তেনেদৰে মটৰ পৰিবহণ আইন অমান্য কৰি চলি থকা বহু বাহনো ধৰা পেলায় অভিযানকাৰী দলে৷ কৰ আদায় নিদিয়া আৰু আইন অমান্য কৰা বাহনসমূহৰ পৰা জৰিমনা সংগ্রহ কৰা হয়৷ জিলা পৰিবহণ বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে জিলাখনত পঞ্জীয়নভুক্ত যিসকলবাহনৰ গৰাকীয়ে এতিয়াও বিভাগক কৰ আদায় দিবলৈ বাকী আছে তেওঁলোকক অহা ৩১ মার্চৰ ভিতৰত কৰ আদায় দিবলৈ আহ্বান জনোৱা হৈছে৷ অন্যথা বিভাগীয় জৰিমনাৰ সন্মুখীন হ’ব লাগিব তেনে বাহনৰ গৰাকীয়ে৷