নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বতাহত মিলি গ’ল ৰঞ্জিত বৰাৰ প্রকৃত হত্যাকাৰী

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ পূৰবী ডেইৰীৰ বিতৰক ব্যৱসায়ী ৰঞ্জিত বৰাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ আজি ৩৫ দিন পাৰ হ’ল৷ কিন্তু আজিলৈকে পোহৰলৈ নাহিল প্রকৃত হত্যাকাৰী৷ যোৱা ২১ নৱেম্বৰত দিন–দুপৰতে পাঞ্জাবাৰীৰ ৰাজপথত বৰাক নিজৰ গাড়ীৰ ভিতৰতে শূন্য দূৰত্বৰ পৰা গুলীয়াই উধাও হৈছিল হত্যাকাৰী৷ সচ্ছল ব্যৱসায়েৰে সুন্দৰকৈ পৰিয়াল চলাই থকা ব্যৱসায়ীগৰাকীক কোনে কি কাৰণত হত্যা কৰিলে সেয়া আজিলৈকে স্পষ্ট নহ’ল৷ ব্যৱসায়ীগৰাকীৰ সৈতে থকা নগদ ধনৰ লোভতেই হত্যাকাৰীয়ে এই কাণ্ড সংঘটিত কৰিছিল বুলি প্রাৰম্ভিক অৱস্থাত আৰক্ষীয়ে সদৰী কৰিছিল যদিও সময় যোৱাৰ লগে লগেই ক্রমাৎ ৰহস্য ঘনীভূত হৈ পৰিছে৷ মন কৰিবলগীয়া যে হত্যাকাণ্ডৰ দিনাখন আৰক্ষীয়ে ঘটনাস্থলীৰ বিভিন্ন এলেকাত থকা চিচি টিভিৰ ফুটেজো সংগ্রহ কৰাৰ লগতে সেই সময়ৰ মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে হত্যাকাণ্ডটো সন্দর্ভত কেইবাটাও ক্লু আৰক্ষীয়ে পোৱাৰ দাবী কৰিছিল৷ কিন্তু প্রকৃতার্থত আৰক্ষীয়ে যে ঘটনাটোৰ কোনো পূর্বানুমান কৰিব পৰা নাই, সেয়া সম্প্রতি স্পষ্ট হৈ পৰিছে৷ উল্লেখ্য যে হত্যাকাণ্ডটোৰ প্রায় দুদিন পাছতেই মহানগৰ আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধান বিচাৰি ২ লাখ টকাৰ আর্থিক পুৰস্কাৰো ঘোষণা কৰিছিল৷ কিন্তু তাৰ পাছতো প্রকৃত হত্যাকাৰীৰ সন্ধান উলিওৱাত সফল হোৱা নাই আৰক্ষী৷ যোৱা ৩ ডিচেম্বৰত অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই এই সন্দর্ভত এখন বৈঠকো অনুষ্ঠিত কৰিছিল৷ গুৱাহাটী মহানগৰীৰ সমীপৰ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে হোৱা বৈঠকখনৰ ঠিক দুদিন পাছতেই যোৱা ৭ ডিচেম্বৰত পাঞ্জাবাৰীৰ বাসিন্দা আমিৰ আলীক মৰিগাঁৱৰ শহুৰেকৰ ঘৰৰ পৰা গ্রেপ্তাৰ কৰাৰ লগতে চিণ্টু মেধি নামৰ আন এজন যুৱকক বৰবাৰীৰ পৰা গ্রেপ্তাৰ কৰিছিল৷ সেই দিনাখনেই পাঞ্জাবাৰীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র পথৰ কৃষি বিভাগৰ এটা ঘৰৰ পৰা পৰিত্যক্ত অৱস্থাত থকা এখন মটৰচাইকেলৰ পৰা এটা পিষ্টল, মেগজিনসহ ৩টা সক্রিয় গুলী উদ্ধাৰ কৰিছিল৷ আৰক্ষীয়ে উক্ত পিষ্টলটোৰে গুলীয়াই ব্যৱসায়ীগৰাকীক হত্যাৰ সন্দেহ কৰি ধৃত দুয়োজনকে জে’ললৈ প্রেৰণ কৰিছে৷ তদানীন্তন পূব আৰক্ষী জিলাৰ উপ–আৰক্ষী আয়ুক্ত সুধাকৰ সিঙে পৰিস্থিতিগত প্রমাণৰ ভিত্তিতহে দুয়োজনক গ্রেপ্তাৰ কৰা হৈছিল বুলি মত প্রকাশ কৰিছিল যদিও দুয়োজন যে এই হত্যাকাণ্ডটোত জড়িত আছিল৷ সেয়া বাৰম্বাৰ সংবাদ মাধ্যমে সোধাৰ পিছতো স্পষ্টকৈ ক’ব পৰা নাছিল৷ বর্তমানেও বৰাৰ হত্যাকাৰী সন্দর্ভত স্পষ্টকৈ একো প্রকাশ কৰা নাই আৰক্ষীয়ে৷ মহানগৰ আৰক্ষীৰ সূত্র এটাই জনোৱা মতে হত্যাকাণ্ডটোৰ প্রকৃত উদ্দেশ্য ধন লুট কৰাই আছিল যদিও প্রকৃত হত্যাকাৰীক চিনাক্ত কৰাত কিছু সময় লাগিব৷ তদন্ত অব্যাহত থকাৰ লগতে বিজ্ঞানভিত্তিক অনুসন্ধানো চলাই থকা হৈছে বুলি সূত্রটোৱে কয়৷ কিন্তু মহানগৰীৰ শীর্ষ আৰক্ষী মহলে হত্যাকাণ্ডটো সন্দর্ভত এতিয়াও সম্পূর্ণ নীৰৱতা অৱলম্বন কৰাৰ প্রতি লক্ষ্য ৰাখি প্রকৃততে হত্যাকাৰীৰ কোনো সম্ভেদ আৰক্ষীয়ে যে উলিয়াব পৰা নাই, সেয়া একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ মন কৰিবলগীয়া যে অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই যোৱা ২৪ ডিচেম্বৰত সাংবাদিকৰ সৈতে হোৱা কথা–বতৰাত একাংশ উত্তৰ প্রদেশ, বিহাৰৰ পৰা অহা অপৰাধীয়ে ৰে’লেৰে আহি গুৱাহাটীত অপৰাধ সংঘটিত কৰি পলাই যায় বুলি মন্তব্য কৰিছিল৷ যদিহে ৰঞ্জিত বৰাৰ হত্যাকাৰীও তেনে লোকৰে মাজৰ এজন, তেন্তে ধৰাত পৰিব নে নাই সেয়াও সন্দেহ আছে৷ দিন–দুপৰতে এজন লোকক অচিনাক্ত দুর্বৃত্তই হত্যা কৰি ৰাজপথত পেলাই যোৱাৰ পিছত মহানগৰবাসীৰ নিৰাপত্তা কোন দিশে গৈছে সেয়া স্পষ্ট হৈ পৰিছে৷ হত্যাকাণ্ডটোৰ ৩৫টা দিন পাৰ হোৱাৰ পাছতো হত্যাকাৰী ওলাই নপৰাত প্রশ্ণ হৈছে প্রকৃততে মহানগৰ আৰক্ষী নাগৰিকৰ সুৰক্ষাৰ প্রতি দায়বদ্ধনে? চালে–বেৰে কোবোৱা মন্তব্যৰে কেৱল আৰক্ষীয়ে যেন প্রকৃত ঘটনাৰ পৰা ৰাইজক আঁতৰাই ৰাখিব বিচাৰিছে৷

You might also like