নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী এইমছত চিকিৎসাধীন বিত্তমন্ত্রী সীতাৰমণ

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ পাকস্থলীৰ সংক্রমণত আক্রান্ত হৈ কেন্দ্রীয় বিত্ত আৰু কর্প’ৰেট পৰিক্রমা মন্ত্রী নির্মলা সীতাৰমণ আজি নতুন দিল্লীৰ এইমছৰ ব্যক্তিগত ৱার্ডত চিকিৎসাধীন হৈছে৷ সংবাদ প্রতিষ্ঠানৰ বাতৰি মতে ৬৩ বছৰীয়া বিত্তমন্ত্রী সীতাৰমণক আজি বিয়লি এইমছত ভর্তি কৰোৱা হৈছে৷ চিকিৎসকৰ মতে তেওঁৰ স্বাস্থ্য সুস্থিৰ আৰু তেওঁক উন্নত চিকিৎসা প্রদান কৰি থকা হৈছে৷ সকলো ঠিকে–ঠাকে থাকিলে শীঘ্রেই চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিব বিত্তমন্ত্রীগৰাকীক৷ উল্লেখ্য যে শনিবাৰে চেন্নাইত ‘তামিলনাডু ড০ এম জি আৰ চিকিৎসা বিশ্ববিদ্যালয়ৰ ৩৫সংখ্যক বার্ষিক সমাৱর্তনত অংশ লৈ দিল্লীলৈ উভতি অহাৰ পিছতেই বিত্তমন্ত্রীগৰাকী অসুস্থ হৈছে৷

You might also like