নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইস্কুল শিক্ষান্ত পৰীক্ষাঃ প্রশ্নকাকত ফাদিলত বাতিল আজিৰ বিজ্ঞানৰ পৰীক্ষা

নিয়মীয়া বাৰ্তা, ১৩ মার্চ: প্রশ্নকাকত ফাদিল হোৱাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি অনুষ্ঠিত হ’বলগীয়া সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিল কৰা হৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত ছেবাই এই সিদ্ধান্ত গ্রহণ কৰা বুলি ছেবাৰ সচিব নৰনাৰায়ণ নাথে ‘নিউজ লাইভ’ আৰু ‘নিয়মীয়া বার্তা’ক এই কথা জানিবলৈ দিয়ে৷ তেওঁ কয় যে সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ এদিন পূর্বে  ৰাজ্যখনৰ বিভিন্ন অঞ্চলত হোৱাটছএপে হোৱাটছএপে বিজ্ঞানৰ প্রশ্নকাকতখন ভাইৰেল হোৱাটো মুখ্যমন্ত্রীৰ দৃষ্টিগোচৰ হয়৷

বিষয়টো জানিব পাৰি মুখ্যমন্ত্রী ড০ শর্মাই গুৰুত্বসহকাৰে লোৱাৰ লগতে ছেবাক আজি সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিল কৰিবলৈ নির্দেশ দিয়ে৷ বিষয়টোৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ’ব, সেই বিষয়ে সচিব নাথে থিৰাংকৈ কোৱাৰ পৰা বিৰত থাকে৷ তেওঁ কয় যে পৰীক্ষা অনুষ্ঠিত হোৱাৰ দিন আৰু সময় শীঘ্রে ঘোষণা কৰা হ’ব৷

ইফালে পৰীক্ষা বাতিল সন্দর্ভত ছেবাৰ পৰা জাৰি কৰা এটা জাননীত কোৱা হৈছে যে একাংশ সংবাদ মাধ্যমত আজি অনুষ্ঠিত হ’বলগীয়া সাধাৰণ বিজ্ঞান বিষয়ৰ আর্হি প্রশ্নকাকত কোনো কোনো পৰীক্ষার্থীৰ হাতত পৰা বুলি প্রচাৰ হৈছে৷ ইয়ে পৰীক্ষার্থীৰ মাজত বিভ্রান্তিৰ সৃষ্টি কৰিব পাৰে হেতু বিষয়টোৰ পৰীক্ষা বাতিল কৰা হৈছে৷ পৰৱর্তী সময়ত সাধাৰণ বিজ্ঞানৰ পৰীক্ষাৰ দিন ঘোষণা কৰা হ’ব৷ ইফালে পৰীক্ষা বাতিল কৰাতে ক্ষান্ত নাথাকি ছেবাই প্রশ্নকাকত ফাদিলৰ সৈতে জড়িতক আইনৰ কাঠগড়ালৈ আনিবলৈ তদন্তৰ ব্যৱস্থা কৰিছে৷

You might also like