নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ ছেপ্টেম্বৰত মুকলি হ’ব আর্যনগৰ উৰণীয়া সেতু

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰ : গুৱাহাটীৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ বাবে আর্যনগৰত (পূর্বৰ ছাৰাবভাটী) নির্মীয়মাণ উৰণীয়া সেতুৰ কাম ইতিমধ্যে সম্পূর্ণ হৈ উঠিছে৷ অহা ৩০ ছেপ্ঢেম্বৰত জনসাধাৰণৰ ব্যৱহাৰৰ বাবে এই উৰণীয়া সেতুখন চৰকাৰে আনুষ্ঠানিকভাৱে মুকলি কৰি দিব৷  এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উল্লেখ্য যে বিৰুবাৰী তিনিআলি আৰু ৰিহাবাৰী সংযোগী এই উৰণীয়া সেতুখন মুকলি হোৱাৰ লগে লগে অঞ্চলটোত বছৰৰ পাছত বছৰ ধৰি চলি অহা যান–জঁটৰ অৱসান ঘটিব৷

You might also like