নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এসপ্তাহ পূর্বে উচ্ছেদ চলোৱা আমচাঙৰ ভূমি দখল ভূ–মাফিয়াৰ

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ বন বিভাগৰ একাংশ অসাধু বিষয়া–কর্মচাৰীক মেনেজ কৰি ভূ–মাফিয়াই আমচাং অভয়াৰণ্যৰ ভূমি বেদখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ এই অভিযোগৰ সত্যতা প্রমাণিত কৰি ভূ–মাফিয়াই এসপ্তাহ পূর্বে আৰক্ষী–প্রশাসনৰ সহযোগত বন বিভাগে উচ্ছেদ কৰা ভূমি বেদখল কৰি নিশাটোৰ ভিতৰতে তর্জা বেৰৰ ঘৰ সাজি উলিওৱা ঘটনাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

অভিযোগ অনুসৰি ভূ–মাফিয়া বিমান দেৱ আৰু অশোক শইকীয়াই এসপ্তাহ পূর্বে উচ্ছেদ চলোৱা আমচাং অভয়াৰণ্যৰ ভূমি বেদখল কৰি তর্জাবেৰৰ ঘৰ নির্মাণ কৰি ৰাজ বড়ো নামৰ এজন লোকক কেয়াৰটেকাৰ হিচাপে নিয়োজিত কৰিছে৷ এসপ্তাহ পূর্বে উচ্ছেদ চলোৱা ভূমিত কাৰ আশীর্বাদত ভূ–মাফিয়াই তর্জাবেৰৰ ঘৰ নির্মাণ কৰিলে, তাক লৈ ব্যাপক চর্চা চলিছে৷ বন বিভাগৰ একাংশ অসাধু বিষয়া–কর্মচাৰীৰ পৃষ্ঠপোষকতাতে ভূ–মাফিয়া বিমান আৰু অশোকে তর্জাবেৰৰ ঘৰ নির্মাণ কৰা বুলি অভিযোগ উত্থাপন হৈছে৷

You might also like