নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতীগাঁৱত প্রেমিকৰূপী দুর্বৃত্তই জ্বলালে তিনি বাহন

বিয়াৰ প্রস্তাৱ প্রত্যাখ্যানৰ বাবেই হিংসাত্মক ঘটনা

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ বিয়াৰ প্রস্তাৱ প্রত্যাখ্যান কৰাৰ বাবে প্রেমিকৰূপী দুর্বৃত্তই মহানগৰীৰ হাতীগাঁৱত যোৱানিশা তিনিখনকৈ বাহন জ্বলাই দিয়া ঘটনাই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ হাতীগাঁৱৰ ঈদগাহৰ আচকাৰ আলী নামৰ লোকজনৰ ঘৰৰ সন্মুখত ৰখাই থোৱা তিনিখন বাইক যোৱানিশা প্রায় ১ বজাত প্রেমিকৰূপী দুর্বৃত্তই পেট্র’ল ঢ়ালি জ্বলাই দিয়ে৷ এই ঘটনাত আচকাৰ আলীৰ এ এছ ০১–ই এইচ–০৩৪৬ নম্বৰৰ পালছাৰ বাইক, এ এছ–০১–ই এম–৮১৪৩ আৰু এ এছ–০১ বি ডব্লিউ–৭৭০১ নম্বৰৰ দুখন স্কুটী সম্পূর্ণৰূপে ভস্মীভূত হয়৷ বাহনকেইখন দুর্বৃত্তই জ্বলাই দিয়াৰ পাছতে অঞ্চলটোত হুৱা–দুৱা পৰিস্থিতিৰ সৃষ্টি হয়৷ স্থানীয় ৰাইজে ঘটনা সন্দর্ভত হাতীগাঁও আৰক্ষীক অৱগত কৰে৷ নিশাই হাতীগাঁও আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ আজি পুৱা আচকাৰ আলীৰ পৰিয়ালৰ লোকে হাতীগাঁও থানাত ঘটনা সন্দর্ভত এখন এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ দুর্বৃত্তই পেট্র’ল ঢ়ালি বাহনকেইখন জ্বলাই দি আঁতৰি যোৱা সমগ্র দৃশ্য চিচি টিভিৰ কেমেৰাত বন্দী হৈছে৷ আৰক্ষীয়ে চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰি দুর্বৃত্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে৷ এতিয়াও প্রেমিকৰূপী দুর্বৃত্তৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে৷ দীর্ঘদিন ধৰি যুৱতীগৰাকীৰ স’তে এজন যুৱকৰ প্রেমৰ সম্পর্ক আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ যুৱকজনে যুৱতীগৰাকীক বিয়াৰ প্রস্তাৱ দিছিল৷ কিন্তু যুৱতীগৰাকীয়ে এই প্রস্তাৱ প্রত্যাখ্যান কৰাৰ বাবে প্রেমিকৰূপী দুর্বৃত্তই বাহনকেইখন জ্বলাই দিয়া বুলি আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে৷

You might also like