নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহুভাষিক আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল ‘নিৰ্বাক’ৰ তৃতীয় সংস্কৰণ মুকলি

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিল: গুৱাহাটীৰ লতাশিলৰ বিষ্ণু নিৰ্মলা ভৱনত দেওবাৰে বহুভাষিক আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল ‘নিৰ্বাক’ৰ তৃতীয় সংস্কৰণ মুকলি কৰা হয়। উদ্বোধনী অনুষ্ঠানত কামৰূপ (ম) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, সাই বিকাশ গ্ৰুপ অফ স্কুলৰ পৰিচালন সঞ্চালক পি শ্ৰীনিবাস ৰেড্ডী, আইজিএনচিএৰ আঞ্চলিক সঞ্চালক সুৰেশ গডুকাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

জনপ্ৰিয় যুৱ মূকাভিনয় শিল্পী মিনাংক ডেকাৰ সম্পাদনাত প্ৰকাশিত এই আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাখনৰ লক্ষ্য হৈছে বিভিন্ন দেশৰ বিশেষজ্ঞৰ প্ৰবন্ধ সন্নিবিষ্ট কৰা আৰু বিভিন্ন মূকাভিনয় শিল্পীয়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰি সমগ্ৰ বিশ্বতে মূকাভিনয়ৰ প্ৰচাৰত অৰিহনা যোগোৱা।

পত্ৰিকা উন্মোচন অনুষ্ঠানত ভাষণ দি মিনাংক ডেকাই আলোচনীখন প্ৰকাশৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি পত্ৰিকা উন্মোচক,বিশিষ্ট অতিথি তথা উপস্থিত প্ৰতিগৰাকীকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

কামৰূপ (ম) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই এই পদক্ষেপৰ শলাগ লৈ মূকাভিনয়ক অকথ্য যোগাযোগৰ অন্যতম শক্তিশালী আহিলা হিচাপে অভিহিত কৰে আৰু ইয়াৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। উদ্বোধনী অনুষ্ঠানত সাই বিকাশৰ এম ডি শ্ৰীনিবাস ৰেড্ডী ,এডিচি কামৰূপ কমল বৰুৱা, আইজিএনচিএৰ আঞ্চলিক সঞ্চালক সুৰেশ গাডুকাকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰি মূকাভিনয় শিল্পকলাৰ প্ৰচাৰত আলোচনীখনৰ তাৎপৰ্য আৰু ইয়াৰ সাংস্কৃতিক গুৰুত্বৰ বিষয়ে বক্তব্য আগবঢ়ায়।

‘নিৰ্বাক’ পত্ৰিকাৰ তৃতীয় সংস্কৰণে আমাৰ ৰাজ্য তথা সমগ্ৰ বিশ্বৰ মূকাভিনৰ অনুৰাগী আৰু অনুশীলনকাৰীসকলৰ বাবে এক প্ৰয়োজনীয় জ্ঞান আৰু প্ৰেৰণাৰ উৎস হ’ব বুলি প্ৰতিশ্ৰুতি কঢ়িয়াইছে ।

You might also like