নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত শক্তি বিভাগৰ আজৱ কাণ্ড: বতাহ বৰষুণ নহ’লেও বিদ্যুৎ কৰ্তন

  • বিলৰ সংখ্যাই মুৰ গৰম কৰে উপভোক্তাৰ

নিয়মীয়া বাৰ্তা ;   ২৩ এপ্ৰিল – কামৰূপ জিলাৰ বকোত এতিয়া দূল্যৰ্ভ্য হৈছে বিদ্যুৎ সেৱা। বি জে পি চৰকাৰ গঠন হ’লে দিনৰ ২৪ ঘন্টাই বিদ্যুৎ সেৱা বাহাল থাকিব বুলি দম্ভালি মাৰা শ্লোগান এতিয়া অসাৰ হ’ল। এতিয়া বকোত বতাহ বৰষুণ নহ’লেও বিদ্যুৎ কৰ্তন চলিয়েই থাকে। দিনটোৰ সৰহ সময় বিদ্যুৎ সেৱা বন্ধ ৰাখে। বকোৰ বিদ্যুৎ সেৱা এনে পৰ্য্যায় পাইছে যে শিশু এটিয়ে পাদিলেও বকোৰ বিদ্যুৎ সেৱা ব্যাহত হয়। উল্লেখ্য যে ; বকোৰ বিদ্যুৎ সেৱাই জনসাধাৰণক জলাকলা খুৱাই আহিছে। মুঠতে দিনৰ ভাগত বিদ্যুৎ সেৱা কৰ্তন কৰাত কিছু অসুবিধা হয় তথাপিও চলিব পাৰি কিন্তু সন্ধিয়া পৰত বিদ্যুৎ সেৱা নাথাকিলে কেনে পৰিবেশ সৃষ্টি হয় ভূক্তভোগীয়েহে বুজি পায়। মুঠৰ ওপৰত বকোত বিদ্যুৎ বিভাগৰ পয়ালগা সেৱাই সৰ্বসাধাৰণৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে। বিদ্যুৎৰ লুকাভাকু ; ধিমিক ধামাক অহা যোৱা খেলাই অতিষ্ঠ কৰি তুলিছে ৰাইজক। আনহাতে ক্ৰমাগত বিদ্যুৎ বিলৰ উৰ্ধগামী সংখ্যাই নিম্ন আৰু মধ্যবিত্ত সমাজত বিৰূপ প্ৰভাৱ পৰিছে। উল্লেখ্য যে ; পূৰ্বৰ চৰকাৰৰ দিনত ঘৰুৱা বিদ্যুৎ সেৱাৰ বিল আছিল প্ৰতি ইউনিতত ২ টাকা ৭০ পইচা আৰু বি জে পি চৰকাৰৰ এই ছয় বছৰীয়া শাসন কালত ঘৰুৱা বিদ্যুৎ বিলৰ সংখ্যা ৭ টকাতকৈ অধিক হৈছে। এয়া সম্ভৱ জানো ? সহজে বুজিব পাৰি এয়া কিহৰ ইংগিত ? এনে বিষয়বোৰ সামৰি জাগো গ্ৰাহক জাগো শীৰ্ষক শ্লোগান প্ৰচাৰ কৰিবলৈ আহ্বান জনাইছে বকোৰ সমাজ সচেতন নাগৰিকে।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like