নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭১ ঠিকাদাৰলৈ কাৰণ দর্শোৱাৰ জাননী জিএমচিৰ

মহানগৰীৰ নলা–নর্দমা নিষ্কাশনত বিলম্বঃ এমাহত ২৫–৩০ শতাংশ কাম সম্পন্ন

নিয়মীয়া বাৰ্তা ১০ জুনঃ গুৱাহাটী মহানগৰীক কৃত্রিম বানমুক্ত কৰিবলৈ পৌৰ নিগমে দিন–ৰাতি একাকাৰ কৰি নলা–নর্দমা নিষ্কাশনৰ লগতে ভৰলু আৰু বাহিনী নৈৰ খননকার্য অব্যাহত ৰাখিছে৷ মহানগৰবাসীক কৃত্রিম বানৰ পৰা সকাহ দিয়াৰ লক্ষ্যৰে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংঘালৰ নির্দেশমর্মে যুদ্ধকালীন তৎপৰতাৰে নলা–নর্দমা নিষ্কাশন কৰি থকা পৰিলক্ষিত হৈছে৷ সেই অনুসৰি মহানগৰীৰ বিভিন্ন প্রান্তত থকা সাত শতাধিক নলা নিষ্কাশনৰ বাবে ৭১গৰাকী ঠিকাদাৰক নিবিদাৰ জৰিয়তে কামৰ দায়িত্ব অর্পণ কৰে৷ কামৰ দায়িত্ব লাভ কৰা ৭১গৰাকী ঠিকাদাৰে দিনে–নিশাই নিষ্কাশন কৰা নলাৰ সঘনাই বুজ লৈছে নৱনিযুক্ত পৌৰ আয়ুক্ত দেৱাশিস শর্মাই৷

মহানগৰীত যুদ্ধকালীন পৰিস্থিতিত নলা–নর্দমা নিষ্কাশনৰ কাম চলি থকাৰ মাজতে কাম লেহেমীয়া কৰাৰ অভিযোগত কামৰ দায়িত্ব দিয়া ৭১গৰাকী ঠিকাদাৰলৈ পৌৰ আয়ুক্তই কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছে৷ পৌৰ আয়ুক্তই প্রতিগৰাকী ঠিকাদাৰক কাৰণ দর্শোৱাৰ জাননী প্রেৰণ কৰি তিনিদিনৰ ভিতৰত লিখিত প্রতিবেদন পৌৰ আয়ুক্তৰ কার্যালয়লৈ দাখিল কৰাৰ নির্দেশ দিছে৷ উল্লেখ্য যে বাৰিষাৰ পূর্বে মহানগৰীৰ নলা–নর্দমা নিষ্কাশনৰ কাম সম্পূর্ণ কৰাৰ বাবে নির্দেশ দিয়াৰ পাছতো ঠিকাদাৰসকলে পূর্ণগতিত কাম কৰা নাই বুলি বিভাগীয় অভিযন্তাই পৌৰ আয়ুক্তগৰাকীক অৱগত কৰে৷ কাম আৰম্ভ কৰাৰ এমাহৰ পৰা আজি পর্যন্ত মাত্র ২৫–৩০ শতাংশ নলা নিষ্কাশনৰ কামহে ঠিকাদাৰসকলে সম্পূর্ণ কৰা বুলি অভিযন্তাই পৌৰ আয়ুক্তক অৱগত কৰাত পৌৰ আয়ুক্তগৰাকীয়ে এখন জৰুৰী সভা আহ্বান কৰি এই সিদ্ধান্ত গ্রহণ কৰে৷

উল্লেখ্য যে যোৱা ১১ মে’ৰ পৰা কামৰ দায়িত্ব লাভ কৰা ৭১গৰাকী ঠিকাদাৰে নলা নিষ্কাষণৰ কাম আৰম্ভ কৰে৷ পৌৰ আয়ুক্তগৰাকীক এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ঠিকাদাৰসকলে তীব্র অসন্তুষ্টি প্রকাশ কৰিছে৷ পৌৰ আয়ুক্তৰ নির্দেশ অনুসৰি দিনে–নিশাই ঠিকাদাৰসকলে যুদ্ধকালীন তৎপৰতাৰে নলা–নর্দমা নিষ্কাশনৰ কাম কৰি থকাৰ মাজতে পৌৰ আয়ুক্তৰ এই সিদ্ধান্তই কামত ব্যাঘাত জন্মোৱা বুলি কেইবাগৰাকী ঠিকাদাৰে জানিবলৈ দিছে৷ তদুপৰি নিবিদা লাভ নকৰা আন ঠিকাদাৰসকলৰ প্রৰোচনাত জি এম চি কর্তৃপক্ষই কামৰ দায়িত্ব লাভ কৰা ৭১গৰাকী ঠিকাদাৰলৈ কাম লেহেমীয়া হোৱাৰ অভিযোগ তুলি জাননী জাৰি কৰা বুলি ভুক্তভোগী ঠিকাদাৰসকলে অভিযোগ কৰে৷ আনহাতে পৌৰ আয়ুক্ত দেৱাশিস শর্মাই কয় যে যদিহে বাৰিষাৰ পূর্বে নলা নিষ্কাশনৰ কাম সম্পূর্ণ কৰিব নোৱাৰে তেন্তে ৰাজকোষৰ ধন অপচয় হোৱাৰ বিপৰীতে পুনৰ মহানগৰীত কৃত্রিম বানৰ পূর্ণ সম্ভাৱনা আছে৷ সেয়েহে পৌৰ আয়ুক্তগৰাকীয়ে ঠিকাদাৰসকললৈ কাৰণ দর্শোৱাৰ জাননী প্রেৰণ কৰি তিনিদিনৰ ভিতৰত প্রতিবেদন দাখিল কৰাৰ নির্দেশ দিয়া বুলি পৌৰ আয়ুক্তগৰাকীয়ে জানিবলৈ দিছে৷

You might also like