নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষুধার্ত হাতীয়ে ভক্ষণ কৰিলে হেলমেট

নিয়মীয়া বাৰ্তা ১০ জুনঃ মহানগৰীৰ সাতগাঁও অঞ্চলত শেহতীয়াকৈ হাতী–মানুহৰ সংঘাতৰ ঘটনা ক্রমাৎ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ যোৱা ৪ জুনৰ নিশা বনৰীয়া হাতীৰ আক্রমণত এটি শিশুৰ কৰুণ মৃত্যুৰ হোৱাৰ উপৰি ডেৰ বছৰীয়া আন এটি শিশু গুৰুতৰভাৱে আহত হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই আজি পুনৰ প্রকাণ্ড বন্যহস্তী এটাই তাণ্ডৱ চলায় সাতগাঁও অঞ্চলত৷ জানিব পৰা মতে, প্রকাণ্ড হাতীটোৱে নিশা সেনা শিবিৰৰ সমীপৰ তথা আমচাং অভয়াৰণ্যৰ দাঁতিতে থকা ৬–৭টা পৰিয়ালৰ বাসগৃহত তাণ্ডৱ চলাই বেৰ আদি ভাঙি আচবাব লণ্ডভণ্ড কৰাৰ লগতে ধান, চাউল খাই তহিলং কৰে৷ বসতি অঞ্চলত এনেদৰে তাণ্ডৱ চলোৱাৰ পিছত কাহিলি পুৱাই বন্যহস্তীটোৱে সেনা ছাউনীৰ মাজেৰে আহি সাতগাঁও বজাৰত প্রৱেশ কৰে৷

খাদ্যৰ সন্ধানত অভয়াৰণ্যৰ পৰা ওলাই অহা হাতীটোৱে বজাৰৰ কেইবাখন দোকান ভাঙি চূৰমাৰ কৰাৰ উপৰি তাত থকা সামগ্রী খাই তহিলং কৰে৷ তদুপৰি আন কেইবাখন পকী দোকানতো বন্যহস্তীটোৱে আক্রমণ কৰে যদিও লোৰ ছাটাৰ ভাঙিব নোৱাৰি বিস্তৰ ক্ষতিগ্রস্ত কৰে একাধিক ছাটাৰ৷ এনেদৰে তাণ্ডৱ চলোৱাৰ পিছতো প্রকাণ্ড হাতীটোৱে ৰাজপথত মুকলিভাৱে বিচৰণ কৰি ফুৰাত বহু সময় যাতায়াত ব্যৱস্থা স্তব্ধ হৈ পৰে পথটোৰে৷ অৱশ্যে বহু চেষ্টাৰ অন্তত কেইবাঘণ্টাজুৰি সন্ত্রাস চলাই থকা হাতীটোক স্থানীয় বন বিভাগৰ লোক উপস্থিত হোৱাৰ পূর্বে খেদি পঠিয়াবলৈ সক্ষম হয় অঞ্চলবাসী৷ উল্লেখ্য যে সাতগাঁৱৰ ৰাজপথত মুকলিভাৱে বিচৰণ কৰা হাতীটোৱে পথৰ দাঁতিত ৰখাই থোৱা এখন বাইকৰ ওপৰত ৰখোৱা এটা হেলমেট ভক্ষণ কৰে৷

You might also like