নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ ৯ শিক্ষানুষ্ঠান কণ্টেইনমেণ্ট জ’ন

গুৱাহাটীত ২৪ ঘণ্টাত ১,৫৬১গৰাকী ক’ভিড পজিটিভ

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত অব্যাহত আছে ক’ৰোনাৰ দ্রুত সংক্রমণ৷ বিগত কেইবাদিন ধৰি হাজাৰ হাজাৰ লোক ক’ৰোনাত আক্রান্ত হোৱাত চৌদিশে আতংক বিৰাজ কৰিছে৷ ক’ৰোনাৰ দ্রুত সংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নতুন এছ অ’ পি জাৰি কৰি সর্বসাধাৰণ লোকক সতর্ক হ’বলৈ আহ্বান জনাইছে৷ মহানগৰীৰ বিদ্যালয়সমূহত শেহতীয়াকৈ ক’ৰোনাৰ সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰাত প্রশাসনে গুৱাহাটী মহানগৰীৰ ৯খন বিদ্যালয়ক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷ জিলা প্রশাসনে অসম জাতীয় বিদ্যালয়, আর্য বিদ্যাপীঠ হাইস্কুল, গুৰুকুল গ্রামাৰ স্কুল, বাথৌপুৰী বড়ো হাইস্কুল, ক্ষেত্রী চি এইচ চি, কামাখ্যা উচ্চতৰ মাধ্যমিক বিদ্যালয়, মালিগাঁও টিআৰপি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ৰহমান ইনষ্টিটিউট অৱ নার্ছিং এণ্ড পেৰা মেডিকেল ছায়েন্সক কালি কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে৷ তদুপৰি ক’ৰোনাৰ দ্রুত সংক্রমণৰ বাবে আজি জিলা প্রশাসনে ভৰলুমুখৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে৷ উল্লেখ্য যে আজিৰ দিনটোতে ৰাজ্যত ৬,৮৯৭গৰাকী ক’ৰোনাত আক্রান্ত হৈছে৷ ইয়াৰে ১৫৬১গৰাকী গুৱাহাটী মহানগৰীৰ৷ ৰাজ্যত মুঠ ৫৬,৮৪৯গৰাকীৰ ক’ভিড পৰীক্ষা কৰা হৈছিল৷

You might also like