নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম–মেঘালয়ৰ সীমা বিবাদ

প্রায় চূড়ান্ত সমাধানৰ পর্যায়ত উপনীত হৈছে অসম–মেঘালয়ৰ দীর্ঘদিনীয়া সীমা বিবাদ৷ যোৱা বুধবাৰে দুয়োখন ৰাজ্য চৰকাৰৰ কেবিনেটে তিনিখন আঞ্চলিক কমিটীয়ে আগবঢ়োৱা সমাধানৰ পৰামর্শাৱলীত অনুমোদন জনোৱাৰ পিছতেই এই বিবাদ সমাধানৰ দিশে আগবাঢ়িছে৷ বৃহস্পতিবাৰে কেবিনেটৰ সিদ্ধান্ত লৈ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমা নতুন দিল্লীত উপস্থিত হৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে এখন বৈঠকত মিলিত হয়৷ দুয়োখন ৰাজ্যৰ মাজত থকা সীমা সংঘাত অন্ত পেলোৱাৰ বলটো এতিয়া কেন্দ্রীয় চৰকাৰৰ ক’টত৷ আশা কৰা হৈছে, শীঘ্রেই দুয়ো ৰাজ্য চৰকাৰৰ প্রতিনিধিৰ মাজত হোৱা আলোচনা আৰু দুয়োখন ৰাজ্যৰ কেবিনেটে লোৱা সিদ্ধান্ত অনুসৰিয়েই কেন্দ্রীয় চৰকাৰে সীমা বিবাদ সন্দর্ভত এটা সমাধানসূত্র জাননীযোগে প্রকাশ কৰিব৷ উল্লেখ্য যে ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰ গঠন হোৱাৰ পিছতে আন্তঃৰাজ্যিক সীমা বিবাদ অন্ত পেলোৱাৰ অর্থে ব্যৱস্থা গ্রহণ কৰে৷ সেই অনুসৰিয়ে অসম–মেঘালয়ৰ সীমা বিবাদ নিৰাময়ৰ বাবে দুয়ো ৰাজ্যৰ মুখ্যমন্ত্রী পর্যায়ৰ কেইবালানিও বৈঠক অনুষ্ঠিত হয় আৰু উক্ত বৈঠকতে দুয়োখন ৰাজ্যৰ তিনিজনকৈ কেবিনেট মন্ত্রীৰ অধ্যক্ষতাত তিনিখন আঞ্চলিক সমিতি গঠন কৰা হয়৷ দুয়োখন ৰাজ্যৰ এই তিনিখন আঞ্চলিক কমিটীয়ে বিবদমান এলেকাসমূহৰ চৰজমিন তদন্ত কৰি দুয়ো ৰাজ্যৰ স্থানীয় বাসিন্দাৰ সৈতে মত বিনিময়ৰ পিছত এলানি সমাধান সূত্রত উপনীত হয়৷ সেই সমাধান সূত্রসমূহকেই সংশ্লিষ্ট আঞ্চলিক কমিটীসমূহে পৰামর্শাৱলীৰ ৰূপত চৰকাৰৰ ওচৰত দাখিল কৰে৷ ৰাজ্য চৰকাৰে এই পৰামর্শাৱলীক লৈ সর্বদলীয় বৈঠক অনুষ্ঠিত কৰি বিভিন্ন ৰাজনৈতিক দলৰ লগতে অৰাজনৈতিক দল–সংগঠনৰো মতামত গ্রহণ কৰি এক সমাধানসূত্রত উপনীত হয়৷ সেই সমাধান সূত্র অনুসৰি বিবদমান ৬টা স্থানৰ সীমা নির্ধাৰণৰ বাবে দুয়োখন ৰাজ্য ঐকমত্যত উপনীত হয়৷ সেই অনুসৰি স্পষ্ট হয় যে অসমে মেঘালয়ৰ পৰা ১৮.৫১ বর্গকিলোমিটাৰ ভূমি লাভ কৰাৰ বিপৰীতে অসমে মেঘালয়ক এৰি দিব লাগিব ১৮.২৯ বর্গকিলোমিটাৰ ভূমি৷ অৱশ্যে, ৫৯ বর্গকিলোমিটাৰ ভূমিৰ ক্ষেত্রত এতিয়াও চূড়ান্ত হোৱা নাই সিদ্ধান্ত৷ দুয়োখন ৰাজ্যৰ মাজত সঘনে সংঘাতৰ সৃষ্টি হৈ থকা হাহিম, গিজাং, পিলিংকাটা, বকলাপাৰা, তাৰাবাৰী আৰু ৰাতাচেৰাৰ ক্ষেত্রত চূড়ান্ত সিদ্ধান্তত উপনীত হৈছে দুয়োখন ৰাজ্য চৰকাৰ৷ এইক্ষেত্রত সংশ্লিষ্ট বিবদমান এলেকাসমূহৰ স্থানীয় বাসিন্দাৰো সহমত আছে বুলি দুয়ো ৰাজ্য চৰকাৰে সদৰী কৰিছে৷
অসম–মেঘালয়ৰ মাজত চলি থকা সীমা বিবাদৰ ইতিহাস দীর্ঘদিনীয়া৷ ১৯৭২ চনত ৰাজ্য পুনৰ গঠন হোৱাৰ সময়ৰ পৰাই এই বিবদমান এলেকাসমূহৰ সীমা নির্ধাৰণ হোৱা নাছিল৷ ফলস্বৰূপে এই অঞ্চলসমূহৰ বাসিন্দাসকলৰ মাজত সময়ে সময়ে সৃষ্টি হৈ আহিছিল সংঘাত৷ এই সংঘাতে কেতিয়াবা হিংসাত্মক ৰূপ ধাৰণ কৰা বিষয়টো দুয়োখন ৰাজ্যৰ বাবে উদ্বিগ্ণতাৰ বিষয় হিচাপে পৰিগণিত হৈ আহিছিল৷ ইতিমধ্যে বিগত সময়ত বিভিন্ন চৰকাৰৰ কার্যকালত অসম–মেঘালয়ৰ সীমা বিবাদ দূৰ কৰাৰ বাবে বিভিন্ন প্রচেষ্টা হাতত লোৱা হৈছিল যদিও তেনে প্রচেষ্টা ফলপ্রসূ হোৱা নাছিল আৰু কোনো সমাধান সূত্রতে সহমতত উপনীত হোৱা নাছিল দুয়োখন ৰাজ্য চৰকাৰ৷ এনে অৱস্থাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিবদমান অঞ্চলসমূহক ভাগ ভাগ কৰি লৈ দুয়ো ৰাজ্যৰ কেবিনেট মন্ত্রীৰ অধ্যক্ষতাত একোখন কমিটী গঠন কৰা আৰু এই কমিটীসমূহে স্থানীয় বাসিন্দাসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে সীমা নির্ধাৰণৰ চৰজমিন তদন্ত কৰাৰ পিছতেই সমাধানৰ পথ মুকলি হয়৷ এয়া আমাৰ বাবে অতিকে ইতিবাচক বতৰা৷ এইক্ষেত্রত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ ব্যক্তিগত উদ্যোগ নিশ্চিতভাৱে প্রশংসাৰ যোগ্য৷ চুবুৰীয়া ৰাজ্যৰ মাজত থকা সংঘাতে কোনো কাৰণতে দুখন ৰাজ্যৰ মাজত ইতিবাচক সম্পর্ক গঢ়ি তুলিব নোৱাৰে৷ এনে সংঘাতে চুবুৰীয়া ৰাজ্যৰ মাজত অর্থনৈতিক, সামাজিক, শৈক্ষিক আদি বিভিন্ন ক্ষেত্রত সম্পর্কৰ অৱনতি ঘটায়৷ যিয়ে ক্ষতিগ্রস্ত কৰে দুয়ো ৰাজ্যৰ সামগ্রিক বিকাশৰ ক্ষেত্রতো৷ এনে পৰিপ্রেক্ষিততে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কার্যভাৰ গ্রহণ কৰিয়ে প্রথমে চুবুৰীয়া ৰাজ্যৰ সৈতে সু–সম্পর্ক গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কথা প্রকাশ কৰিছিল৷ মুখ্যমন্ত্রীজনৰ এই ইতিবাচক দৃষ্টিভংগীৰ ফলশ্রুতিতে আজি অসম–মেঘালয়ৰ মাজত থকা দীর্ঘদিনীয়া সীমা সংঘাত সমাধানৰ দিশে আগবাঢ়ি আহিছে৷ এয়া আগন্তুক সময়ত দুয়োখন ৰাজ্যৰ বাবে শুভ সংবাদ৷

You might also like