নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজাদী কা অমৃত মহোৎসৱ উপলক্ষ্যে ভাৰতীয় সেনাৰ সৈতে ৪৮ নং অসম নৌসেনা ইউনিট, এন চি চিৰ চাইকেল ৰেলী

নিয়মীয়া বাৰ্তা, ১৫আগষ্টঃ ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি পুনীত সাগৰ অভিযানৰ সৈতে সংগতি ৰাখি আজাদী কা অমৃত মহোৎসৱৰ স্মৃতিত ১৩ আগষ্ট’২২ তাৰিখে ভাৰতীয় সেনাৰ সৈতে একেলগে ৪৮ অসম নৌসেনা ইউনিট, এন চি চিৰ দ্বাৰা এক চাইকেল ৰেলী চলোৱা হয়।

এন চি চি গ্ৰুপৰ মুখ্য কাৰ্যালয়, পল্টন বজাৰৰ পৰা দীপৰ বিললৈ আৰম্ভ হয় এই চাইকেল ৰেলী। ভাৰতীয় সেনাৰ ৰঘুনাথ বেটেলিয়ন, প্ৰাক্তন ছাত্ৰ সংগঠনৰ সদস্য আৰু কেডেটৰ উপস্থিতিত লেফটেনেণ্ট কমাণ্ডাৰ দেৱানন্দ ডলেই (কমাণ্ডিং অফিচাৰ) এই অভিযানৰ ফ্লেগ অফ কৰে।

এই চাইকেল অভিযানৰ উদ্দেশ্য হৈছে ভাৰতীয় সেনা আৰু প্ৰাক্তন ছাত্ৰ সংগঠন গুৱাহাটী গ্ৰুপ, এন চি চিৰ সহযোগত পোষ্টাৰ আৰু বেনাৰ প্ৰদৰ্শনৰ জৰিয়তে চৌপাশৰ জলভাগ পৰিষ্কাৰ কৰি ৰখাৰ বাবে সামাজিক সচেতনতা বৃদ্ধি কৰা।

You might also like