নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ চৰাইবাহীৰ খাদী উৎপাদন উপকেন্দ্ৰৰ চৰকাৰী কাৰ্যালয়ত উদযাপন নকৰিলে ৭৬ সংখ্যক স্বাধীনতা দিৱস

নিয়মীয়া বাৰ্তাঃ ১৫ আগষ্ট ঃ আজি সমগ্ৰ দেশে উদযাপন কৰিছে ৭৬ সংখ্যক স্বাধীনতা দিৱস ৷ ৭৫ সংখ্যক স্বাধীনতা দিবসৰ অমৃত মহোৎসৱৰ বৰ্ষযোৰা বিভিন্ন কাৰ্যসূচী সফল ৰূপায়ণৰ পিছত আজি সমগ্ৰ দেশে আনন্দ উল্লাখ মাজেৰে উদযাপন কৰিছে ৭৬ সংখ্যক স্বাধীনতা দিৱস ৷ কেন্দ্ৰীয় চৰকাৰৰ আহ্বান মৰ্মে স্বাধীনতাৰ অমৃত মহোৎসৱৰ সামৰণি হিছাপে চৰকাৰী নীতি নিৰ্দেশনা মানি সমগ্ৰ দেশ বাসীৰ লগতে অসমবাসীয়েও উদযাপন কৰিলে স্বাধীনতা দিৱস ৷ আনহাতে স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশ হিছাপে যোৱা ১৩ আগষ্টৰ পৰা আজি ১৫ আগষ্টলৈ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ ৰূপায়ণ কৰিছে সমগ্ৰ দেশবাসীয়ে ৷ কিন্তু চৰকাৰী নীতিক সম্পূৰ্ণ অংগুষ্ঠ প্ৰদৰ্শন কৰি আজি স্বাধীনতা দিৱস দিনটোত এখন পতাকাও উত্তোলন নহ’ল মৰিগাঁৱৰ এটি চৰকাৰী কাৰ্যালয়ত ৷ মৰিগাঁও জিলাৰ চৰাইবাহীস্থিত অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ অধীনৰ চৰাইবাহী খাদী উৎপাদন উপকেন্দ্ৰটোত আজি অনুষ্ঠিত নহ’ল দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস ৷ উত্তোলন নকৰিলে ৰাষ্ট্ৰীয় পতাকা ৷ স্থানীয় ৰাইজৰ পৰা জানিব পৰামতে চৰাইবাহী খাদী উৎপাদন উপকেন্দ্ৰটোৰ বিষয়া জয়ন্ত মুদৈয়ে চৰকাৰী সকলো নীতি নিয়মক অংগুষ্ঠ প্ৰদৰ্শন কৰি ১৩ আগষ্ট পৰা কাৰ্যালয়টোত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাটো বাদেই আজি স্বাধীনতা দিৱসৰ দিনটোতো চৰকাৰী কাৰ্যালয়টোত উত্তোলন নকৰিলে ৰাষ্ট্ৰীয় পতাকা ৷ আনহাতে আজিৰ এই দেশবাসীৰ পবিত্ৰ দিনটোত চৰকাৰী নিৰ্দেশনাক জলাঞ্জলি দিয়া বিষয়া গৰাকীয়ে বছৰ বছৰ ধৰি কাৰ্যালয়ত উপস্থিত নাথাকি কেৱল ঘৰতে থাকি চৰকাৰী দৰমহা লাভ কৰি থকাৰো গুৰুত্বৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ যাৰ বাবে চৰাইবাহীৰ স্থানীয় ৰাইজে এই গৰাকী বিষয়াৰ বিৰুদ্ধে মৰিগাঁও জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷ এতিয়া প্ৰশ্ন হয় চৰকাৰে স্বাধীনতা দিবসৰ ইমানবোৰ নীতি নিৰ্দেশনা জাৰি কৰি স্বাধীনতা দিৱস উদযাপন কৰাৰ পিছতো চৰাইবাহীৰ এইটো চৰকাৰী খাদী উৎপাদন উপকেন্দ্ৰৰ বিষয়া জয়ন্ত মুদৈয়ে স্বাধীনতা দিৱস উদযাপন নকৰাৰ পিছত জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰে বিষয়া গৰাকীৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে ? সময়ত ই লক্ষণীয় হ’ৱ।

মানস নাথ ৷ বাৰপূজীয়া

You might also like