নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধাৰাপুৰত তীব্রবেগী বাছৰ খুন্দাত দুজনৰ মৃত্যু

নিয়মীয়া বাৰ্তা ১২ মেঃ সমগ্র ৰাজ্য কিম্বা ৰাজধানী মহানগৰী গুৱাহাটীৰ ক’ভিডকেন্দ্রিক পৰিস্থিতি অতি ভয়াৱহ হৈ থকাৰ মাজতেই আজি গুৱাহাটী মহানগৰীৰ আজাৰা থানাৰ অন্তর্গত ধাৰাপুৰ চাৰিআলিৰ তেনেই সমীপস্থ বিএছএনএল কার্যালয়ৰ সন্মুখৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হয় এটা ভয়াৱহ পথ দুর্ঘটনা৷ পথ দুর্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে দুজন যুৱকে থিতাতে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়৷ এই সন্দর্ভত আজাৰা আৰক্ষী সূত্রে জানিবলৈ পৰা মতে, আজি পুৱা প্রায় ৬.৩০ বজাত সংঘটিত হয় ভয়াৱহ পথ দুর্ঘটনাটো৷

পথ দুর্ঘটনাটোত ছয়গাঁও গৰৈমাৰীৰ আব্দুল ৰছিদৰ পুত্র আব্দুল হাই (২৩) আৰু একেটা অঞ্চলৰে মহিদুল ইছলাম (২১) নামৰ যুৱক দুজন থিতাতে নিহত হয়৷ উক্ত দুই যুৱকে আজি পুৱা নিজৰ এএছ–০১ডিভি– ১২৫৪ নম্বৰৰ পালছাৰ বাইকখনেৰে গুৱাহাটী দিশৰ পৰা ছয়গাঁও অভিমুখে গৈ থকা অৱস্থাত একে দিশেৰে গৈ থকা এআৰ১১–৫৮৮৭ নম্বৰৰ জয়গুৰু নামৰ তীব্রবেগী ছুপাৰ বাছখনে পিছফালৰ পৰা প্রচণ্ড জোৰেৰে খুন্দা মাৰে৷ বাছখনৰ প্রচণ্ড খুন্দাত দুই বাইক আৰোহী ৰাষ্ট্রীয় ঘাইপথৰ মাজত উফৰি পৰাৰ লগতে ডিভাইডাৰত খুন্দা মাৰি থিতাতে নিহত হয়৷ আৰক্ষী সূত্রই সদৰী কৰা মতে, বাছখনৰ গতিবেগ নিয়ন্ত্রণহীন আছিল তথা বাছখনৰ চালকজনৰ ভুলৰ বাবেই দুর্ঘটনাটো সংঘটিত হ’বলৈ পালে৷ পিছত আজাৰা যান–বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুই যুৱকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্নৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰাৰ লগতে দুর্ঘটনাটো সংঘটিত কৰা বাছখন জব্দ কৰে৷

You might also like