নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বজন–তোষণ, কমিছনৰ অংকৰে পৌৰ নিগমত ১৩৭ কোটিৰ ঠিকা আবণ্টন

নিয়মীয়া বাৰ্তা, ১২ জুন: কৃত্রিম বানপানীত প্রতিবছৰে বুৰ যোৱা ৰাজধানী চহৰ গুৱাহাটীৰ নলা–নর্দমা পৰিষ্কাৰৰ নামত গুৱাহাটী পৌৰ নিগমৰ (জি এম চি) ঠিকা আবণ্টনত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ চলিত বর্ষৰ বাবে প্রায় ১৩৭ কোটি টকাৰ কাম আবণ্টনৰ সময়ত স্বজন–তোষণৰ লগতে বৃহৎ পৰিমাণৰ কমিছন আদায় কৰাৰ অভিযোগ উত্থাপন হৈছে৷ বাৰিষাৰ আগমনৰ পাছতো মহানগৰীখনৰ নলা–নর্দমাৰ কাম আগ নবঢ়াত শেহতীয়াকৈ পৌৰ নিগমে একাংশ ঠিকাদাৰলৈ কাৰণ দর্শোৱাৰ জাননী জাৰি কৰাৰ পাছতে পোহৰলৈ আহিছে বিভিন্ন তথ্য৷

এক উচ্চস্তৰীয় সূত্রই প্রকাশ কৰা অনুসৰি ২০২০–২১ বিত্তীয় বর্ষৰ বাবে গুৱাহাটী উন্নয়ন বিভাগে জানুৱাৰী মাহতে ১৩৭ কোটি টকাৰ অনুমোদন জনাইছিল৷ সেইমর্মে গুৱাহাটী পৌৰ নিগমে যোৱা ২৮ জানুৱাৰীত মুঠ ৭১টা কামৰ বাবে নিবিদা আহ্বান কৰিছিল৷ সেই সময়ত নিবিদা দাখিলৰ অন্তিম দিন আছিল ৭ ফেব্রুৱাৰী৷ কিন্তু হঠাৎ নিবিদা দাখিলৰ অন্তিম দিন যোৱা ২৪ ফেব্রুৱাৰী তাৰিখলৈ পিছুৱাই দিয়া হয়৷ সেই সময়তে ৰাজ্যত নির্বাচনী অধিসূচনা বলৱৎ হোৱা বাবে ঠিকাসমূহৰ আবণ্টন প্রক্রিয়া সম্পূর্ণ কৰিব নোৱাৰিলে গুৱাহাটী পৌৰ নিগমে৷ বাৰিষাৰ পূর্বেই মহানগৰীখনৰ নলা–নর্দমাসমূহ পৰিষ্কাৰ কৰাৰ বাবে জানুৱাৰী–ফেব্রুৱাৰী মাহতে এই কামসমূহ আবণ্টন কৰাটো অত্যন্ত প্রয়োজনীয় আছিল৷

নির্বাচন আয়োগৰ অনুমতি সাপেক্ষে পৌৰ নিগমে সেই সময়তে যাৱতীয় প্রক্রিয়া সম্পূর্ণ কৰিব পাৰিলেহেঁতেন যদিও সেয়া নকৰিলে৷ বৰঞ্চ নির্বাচনী অধিসূচনা প্রত্যাহাৰ হোৱাৰ পাছত এই কামসমূহৰ ঠিকা আবণ্টন কৰে৷ যাৰ বাবে আজিও মহানগৰীখনৰ নলা–নর্দমাসমূহ পৰিষ্কাৰৰ কাম যথেষ্ট লেহেমীয়া হৈ আছে৷

লক্ষণীয়ভাৱে এই ১৩৭ কোটি টকা মূল্যৰ মুঠ ৭১টা পেকেজৰ বাবে যিসমূহ ফার্ম অথবা ঠিকাদাৰক কাম আবণ্টন দিয়া হ’ল, সেইক্ষেত্রত স্বজন–তোষণত লিপ্ত হোৱা বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰিছে৷ উত্থাপিত অভিযোগ অনুসৰি দীর্ঘদিন ধৰি গুৱাহাটী পৌৰ নিগমত দালালৰ ভূমিকাত অৱতীর্ণ হৈ অহা এজন বিশেষ ঠিকাদাৰৰ অঙহী–বঙহীক বহুকেইটা কামৰ দায়িত্ব দিয়া হ’ল৷ তদুপৰি কেইজনমান মুষ্টিমেয় ঠিকাদাৰক এটাতকৈ অধিক কামৰ দায়িত্ব অর্পণ কৰিলে গুৱাহাটী পৌৰ নিগমে৷

উত্থাপিত অভিযোগ অনুসৰি জনৈক পাটোৱাৰী নামৰ এজন ঠিকাদাৰক ১.৭৯ কোটি আৰু ৭.০৩ কোটি টকাৰ কামৰ দায়িত্ব অর্পণ কৰা হৈছে৷ সেইদৰে তেওঁৰ আত্মীয় এজনকো প্রায় ২ কোটি মূল্যৰ দুটা ঠিকা আবণ্টন দিয়া হৈছে৷ তদুপৰি তেওঁৰ ঘনিষ্ঠ আন এজন ঠিকাদাৰক ২.৪৩ কোটি আৰু ২.৯৪ কোটি টকাৰ দুটা কামৰ দায়িত্ব অর্পণ কৰা হৈছে৷ একেজন ঠিকাদাৰৰে আন এটা প্রতিষ্ঠান আৰু তেওঁৰ শাহুৱেকৰ নামত থকা এটা প্রতিষ্ঠানকো দিয়া হৈছে কেইবাটাও কামৰ দায়িত্ব৷ সমান্তৰালভাৱে গুৱাহাটী পৌৰ নিগমৰ এজন কর্মচাৰীৰ আত্মীয়কো দিয়া হৈছে দুটা কামৰ দায়িত্ব৷ যিটো নীতিবিৰুদ্ধ৷ সেইদৰে আন একাংশ কামৰ দায়িত্ব অর্পণৰ ক্ষেত্রত কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

জানিব পৰা মতে বহুকেইজন ঠিকাদাৰে এখন নিবিদা দাখিল কৰিয়েই প্রত্যক্ষভাৱে লাভ কৰিছে কামৰ দায়িত্ব৷ সেয়েহে এই ঠিকাসমূহৰ কাম আবণ্টনৰ ক্ষেত্রত বৃহৎ পৰিমাণৰ ধনৰ লেনদেন হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ সূত্রটোৱে সদৰী কৰা অনুসৰি প্রতিটো কামৰ বাবদ পৌৰ নিগমৰ একাংশ উচ্চপদস্থ বিষয়াক ১৭ শতাংশ কমিছন আদায় দিবলগীয়া হয়৷ উল্লেখ্য যে ২০১৮, ২০১৯ আৰু ২০২০ বর্ষৰ বাবে গুৱাহাটী উন্নয়ন বিভাগে গুৱাহাটী পৌৰ নিগমক নলা–নর্দমা আদি পৰিষ্কাৰ কৰাৰ বাবে মুঠ ৭৪.২২ কোটি টকা মোকলাই দিছিল৷ এই ধনেৰে মহানগৰীখনৰ নলা–নর্দমাসমূহ পৰিষ্কাৰ কৰাৰ কাম সুচাৰুৰূপে সম্পূর্ণ হৈছিল৷ কিন্তু চলিত বিত্তীয় বর্ষৰ বাবে অর্থাৎ ২০২০–২১ বর্ষৰ বাবে হঠাৎ একেখিনি কামৰ বাবদ গুৱাহাটী পৌৰ নিগমে প্রায় ১৩৭ কোটি টকা কিয় খৰচ কৰিব বিচাৰিছে, তাক লৈও সৃষ্টি হৈছে ৰহস্য৷ ৰাজকোষৰ ধনৰ সঠিক ব্যৱহাৰেৰে গুৱাহাটীৰ নলা–নর্দমা পৰিষ্কাৰ হ’ব নে এই ধনৰ অধিকাংশ ঠিকাদাৰৰ জেপত সোমাব, তাক লৈ সৃষ্টি হৈছে প্রশ্ণ৷ কিয়নো পূর্বে কৰি অহা একে কামসমূহৰ বাবে এইবাৰ আবণ্টিত ধনৰ পৰিমাণ প্রায় দুগুণ–তিনি গুণলৈ বৃদ্ধি কৰা হৈছে৷

উদাহৰণস্বৰূপে ছুপাৰ মার্কেটৰ পৰা চচলৰ ভি আই পি ৰোডলৈকে ভাৰতীয় তেল নিগমৰ পাইপ লাইন পৰিষ্কাৰ আৰু আনুষংগিক কামৰ বাবে ২০১৮, ২০১৯ আৰু ২০২০ বর্ষত মুঠ ৯৯,৯৯,০০০ টকা আবণ্টন কৰা হৈছিল৷ কিন্তু এই একেখিনি কামৰ বিনিময়ত চলিত বর্ষত আবণ্টন কৰা ধনৰ পৰিমাণ হৈছে ৭৭,৮১,৮৭,০৭০ টকা৷ সেইদৰে ভেটাপাৰাৰ পৰা দক্ষিণগাঁও পাম্প হাউছলৈকে লখিমীজান পৰিষ্কাৰ আৰু অন্যান্য কামৰ বাবদ বিগত তিনিটা বর্ষত আবণ্টন কৰা ধনৰ পৰিমাণ আছিল ২,৫৩,১৭,০০০ টকা৷ কিন্তু একেখিনি কামৰ বাবদ চলিত বর্ষত মুঠ ৬,০৭,৮০,০১৩ টকা আবণ্টন কৰা হৈছে৷ বিগত তিনিটা বছৰত বি এন শইকীয়া পথৰ পৰা বশিষ্ঠ চাৰিআলিলৈ বিভিন্ন কামৰ বাবদ আবণ্টন কৰিছিল ১,৮০,০৮,০০০ টকা৷ এই একেখিনি কামৰ বাবদ এইবাৰ ২,৭০,২২,১৩৯ টকা আবণ্টন কৰা হৈছে৷ এইসমূহ কেৱল কেইটামান উদাহৰণহে৷

শেহতীয়াকৈ আবণ্টন কৰা ৭১টা কামৰ ক্ষেত্রত এইদৰে পূর্বৰ তিনি বছৰৰ তুলনাত এইবাৰ দুগুণ–তিনিগুণকৈ অধিক ধন আবণ্টন কৰা হৈছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে এই কামসমূহ আবণ্টনৰ ক্ষেত্রত গুৱাহাটী পৌৰ নিগমে প্রকাশ কৰা কেতবোৰ জাননীয়েও সমগ্র প্রক্রিয়াটোক সন্দেহৰ আৱর্তলৈ ঠেলি দিছিল৷ যোৱা ২০ মে’ত এখন জাননীযোগে গুৱাহাটী পৌৰ নিগমৰ তদানীন্তত আয়ুক্ত দেৱজ্যোতি হাজৰিকাই চলিত বর্ষৰ বাবে গুৱাহাটীৰ সকলো নলা–নর্দমাৰ পৰিষ্কাৰ আৰু মেৰামতিৰ কাম সম্পূর্ণ কৰাৰ সময় ২০২৪ চনৰ ৩১ মার্চলৈ বৃদ্ধি কৰে৷

লক্ষণীয়ভাৱে একেটা দিনতে নলা–নর্দমা পৰিষ্কাৰ কৰা কেইবাটাও পেকেজৰ কাম–কাজ সাময়িকভাৱে স্থগিত ৰখাৰ নির্দেশ দিয়ে৷ দেৱজ্যোতি হাজৰিকাৰ কার্যকাল শেষ হোৱাৰ এদিন পূর্বে প্রকাশ কৰা এনে বিভ্রান্তিমূলক জাননীয়েও সমগ্র প্রক্রিয়াটোক লৈ সন্দেহ সৃষ্টি কৰিছিল৷ আনহাতে, শেহতীয়াকৈ নলা–নর্দমা পৰিষ্কাৰৰ ৭১ পেকেজৰ আবণ্টনৰ ক্ষেত্রত জি এম চি কর্তৃপক্ষ আন এক ষড়যন্ত্রত লিপ্ত হোৱাৰো অভিযোগ উত্থাপন হৈছে৷ পূর্বে প্রতিটো শ্রেণীৰ কামৰ আবণ্টনৰ ক্ষেত্রত ঠিকাদাৰৰ বছৰি উপার্জন কামৰ মূল্যৰ ডেৰ গুণতকৈ কম হ’ব নোৱাৰিব বুলি নির্ধাৰণ কৰা হৈছিল৷ কিন্তু যোৱা ৫ ফেব্রুৱাৰীত এক জাননীৰ জৰিয়তে পূর্বৰ আয়ুক্তজনে এই নির্দিষ্ট নিয়ম প্রত্যাহাৰ কৰে৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি চলিত বর্ষত আবণ্টন দিয়া কামসমূহ একাংশ মনে মিলা ঠিকাদাৰক আবণ্টন দিয়াৰ স্বার্থতে বছৰি উপার্জনৰ ক্ষেত্রত থকা এই নিয়ম বাতিল কৰা হৈছিল৷ যাৰ বাবে এই কামসমূহ আবণ্টনৰ ক্ষেত্রত হোৱা অনিয়ম সন্দর্ভত পূর্বৰ জি এম চি আয়ুক্তজনৰ বিৰুদ্ধেও অভিযোগৰ আঙুলি উত্থাপন হৈছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত হিচাপে নতুনকৈ দায়িত্বভাৰ গ্রহণ কৰাৰ পাছতে মহানগৰীৰ বিভিন্ন কাম দ্রুতগতিৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছে দেৱাশিস শর্মা৷ নলা–নর্দমাসমূহ পৰিষ্কাৰ কৰাৰ পৰা আৰম্ভ কৰি ষ্ট্রিট লাইটলৈকে সকলো সা–সুবিধাৰ নিজেই পর্যবেক্ষণ কৰিছে দেৱাশিস শর্মাই৷ নৱনিযুক্ত আয়ুক্তগৰাকীয়ে গুৱাহাটীৰ নলা–নর্দমাসমূহ পৰিষ্কাৰ কৰাৰ কাম অতি লেহেমীয়া হোৱা বাবে সংশ্লিষ্ট ঠিকাদাৰসকললৈ জাননী প্রেৰণ কৰিছে৷ এই জাননী অনুসৰি আজিৰ ভিতৰত ঠিকাদাৰসকলে তেওঁক দাখিল কৰিব লাগিব প্রতিবেদন৷

এই প্রসংগত প্রতিক্রিয়া প্রকাশ কৰি ‘নিয়মীয়া বার্তা’ৰ আগত আয়ুক্ত শর্মাই কয় যে প্রতিবেদন লাভ কৰাৰ লগে লগেই তেওঁ সেইসমূহ চৰকাৰলৈ প্রেৰণ কৰিব আৰু পৰৱর্তী সময়ত চৰকাৰে যি ধৰণৰ ব্যৱস্থাৰ বাবে পৰামর্শ প্রদান কৰিব, সেই অনুসৰি ব্যৱস্থা গ্রহণ কৰিব৷ তদুপৰি আগন্তুক সময়ত বাৰিষাৰ পূর্বেই যাতে নলা–নর্দমাসমূহৰ পৰিষ্কাৰকৰণৰ কাম সম্পূর্ণ হয়, তাৰ বাবেও ব্যৱস্থা গ্রহণ কৰিব বুলি তেওঁ উল্লেখ কৰে৷

You might also like