নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম জাতীয় বিদ্যালয়ৰ বার্ষিক খেল–ধেমালিৰ শুভাৰম্ভ

অসম জাতীয় বিদ্যালয়ৰ ২০২৫-২৬ বর্ষৰ বার্ষিক খেল–ধেমালি আজিৰে পৰা বিদ্যালয় প্রাংগণত অনুষ্ঠিত হৈছে৷ এই উপলক্ষে আজি পুৱাৰ আয়োজন কৰা উদ্বোধনী অনুষ্ঠান আৰু মার্চপাষ্ট প্রতিযোগিতাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম আৰক্ষীৰ উপ আৰক্ষী মহাপৰিদর্শক আৰু যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈন৷

অনুষ্ঠানত উপস্থিত থাকি উপ আৰক্ষী মহাপৰিদর্শকগৰাকীয়ে বিদ্যা আহৰণৰ লগতে খেলা–ধূলাত অংশগ্রহণে বিদ্যালয়ৰ সমগ্র শিক্ষা ব্যৱস্থাটোক সন্তুলিত কৰি ৰাখে বুলি উল্লেখ কৰে৷ সেয়েহে পপা–শুনাৰ লগতে খেলা–ধূলাতো মনোনিবেশ কৰিবলৈ তেওঁ শিক্ষার্থীসকলক আহ্বান জনায়৷

কৃত্রিম বুদ্ধিমত্তাই প্রভাৱ বিস্তাৰ কৰা বর্তমানৰ পৃথিৱীত নিজৰ আগ্রহৰ ক্ষেত্রখনত দক্ষতা আহৰণ কৰি আগুৱাই যাবলৈ বিশিষ্ট অতিথিগৰাকীয়ে শিক্ষার্থীসকলক পৰামর্শ আগবঢ়ায়৷ অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে বিদ্যালয়ৰ পতাকা উত্তোলন কৰি আদৰণি ভাষণ আগববায়৷

ইয়াৰ পিছতে ২০২৪-২৫ শিক্ষাবর্ষৰ শ্রেষ্ঠ খেলুৱৈ উদ্দীপ্তা বৰদলৈ আৰু হিমনজ্যোতি কাশ্যপে শিখা প্ৰজ্বলন কৰি বিদ্যালয় সপ্তাহৰ শুভাৰম্ভ কৰে৷ মার্চ–পাষ্ট প্রতিযোগিতাত আজি বিদ্যালয়ৰ ষষ্ঠ শ্রেণীৰ পৰা একাদশ শ্রেণীলৈ মুঠ ১১টা দলৰ ৩১৯ গৰাকী শিক্ষার্থীয়ে অংশগ্রহণ কৰে৷ এই মার্চ–পাষ্ট প্রতিযোগিতাৰ  চেণ্ট্ৰেল কমাণ্ডাৰৰ দায়িত্বত আছিল বিদ্যালয়ৰ অষ্টম শ্রেণীৰ শিক্ষার্থী দেৱব্রত নাথ৷

মুখ্য অতিথিগৰাকীয়ে প্রথমে মার্চ–পাষ্ট প্রতিযোগিতাৰ প্রতিটো দল পৰিদর্শন কৰে আৰু অভিবাদন গ্রহণ কৰে৷ এই প্রতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত আছিল ৰাষ্ট্রপতি স্কাউট পদক প্রাপক পৰাগ শর্মা, বর্তমান এডাল্ট ৰিচর্ছৰ ষ্টেট কমিছনাৰ স্কাউট হিচাপে কর্মৰত উৎপল কুমাৰ দাস আৰু ৰাষ্ট্রপতি গাইড হিচাপে মনোনীত তুলিকা দাস৷

মার্চ–পাষ্ট প্রতিযোগিতাত প্রথম পুৰস্কাৰ লাভ কৰে বিদ্যালয়ৰ ষষ্ঠ শ্রেণী গ  ঘৰ দলে৷ দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্রমে একাদশ কলা আৰু নৱম  শ্রেণী গ  ঘৰ দলে৷

আনহাতে শ্রেষ্ঠ ফ্লেগ বিয়েৰাৰৰ পুৰস্কাৰ লাভ কৰে নৱম শ্রেণী ক+খৰ দলৰ কপিল ৰঞ্জন বৰাই৷ শ্রেষ্ঠ প্লা–কার্ড বিয়েৰাৰৰ পুৰস্কাৰ লাভ কৰে অষ্টম শ্রেণী ক+খৰ দলৰ আকাংক্ষা ভৰালীয়ে৷ আনহাতে শ্রেষ্ঠ কামাণ্ডাৰ হিচাপে বিবেচিত হয় একাদশ বিজ্ঞান শাখা দলৰ অবিনাশ কলিতা৷

আজিৰ অনুষ্ঠানটোৰ আঁত ধৰে বিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী শিক্ষক বিনয় বিকাশ গগৈয়ে৷ আজিৰ মার্চ–পাষ্ট প্রতিযোগিতাৰ আহ্বায়কৰ দায়িত্বত আছিল বিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষক পলাশ কুমাৰ নাথ৷ ২০২৫-২৬ শিক্ষাবর্ষৰ বার্ষিক খেল–ধেমালি প্রতিযোগিতাৰ আহ্বায়কৰ দায়িত্বত আছে বিজ্ঞান বিভাগৰ শিক্ষক দিগন্ত তালুকদাৰ৷

ডিজিটেল ডেস্ক, ৯ জানুৱাৰী

You might also like