নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইএছবিটিত যুৱতীক যৌন নির্যাতন

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ  আইএছবিটিত এগৰাকী যুৱতীক যৌন নির্যাতন চলোৱাৰ চেষ্টা চলোৱা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ একেখন বাছেৰে গুৱাহাটীলৈ অহাৰ সময়তে যুৱতীগৰাকীৰ পিছফালৰ ছীটত বহি অহা যুৱকজনে যুৱতীগৰাকীৰ শৰীৰত স্পর্শ কৰি যৌন নির্যাতনৰ চেষ্টা চলাইছিল৷ বাছৰ পৰা নমাৰ পাছতেই ভুক্তভোগী যুৱতীগৰাকীয়ে সাহসেৰে যুৱকজনক ইয়াৰ প্রত্যুত্তৰ দিয়ে৷ এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে বিষয়টোক লৈ ব্যাপক চর্চা চলিছে৷

ইফালে, যুৱতীগৰাকীয়ে এই ঘটনা সন্দর্ভত আৰক্ষীক অভিযোগ দাখিল কৰা নাই৷ কালি পুৱা সংঘটিত এই ঘটনাৰ বিষয়ে আৰক্ষীয়ে জানিব পাৰি প্রত্যক্ষদর্শী ব্যৱসায়ীসকলক ঘটনাৰ বিষয়ে সোধা–পোছা কৰিছিল৷ স্থানীয় ব্যৱসায়ীসকলে ঘটনা সংঘটিত হোৱাৰ পাছতে ভুক্তভোগী যুৱতী আৰু যুৱকজন আইএছবিটিৰ পৰা একেলগে ওলাই যোৱা বুলি জানিবলৈ দিছে৷

You might also like