নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গছে–বেৰে ওলমিছে প্রার্থিত্বপ্রত্যাশীৰ বেনাৰ–পোষ্টাৰ–হ’র্ডিং

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ আসন্ন অসম বিধানসভা নির্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই ৰাজ্যৰ অন্যতম সন্মানীয় সমষ্টি হিচাপে বিবেচিত দিছপুৰ সমষ্টিত প্রার্থিত্বপ্রত্যাশীৰ মাজত তৎপৰতা বৃদ্ধ পোৱা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ ভিতৰতে সর্বাধিক ভোটাৰ থকা দিছপুৰ সমষ্টিত শাসনাধিষ্ঠিত বিজেপিৰ লগতে কংগ্রেছ আৰু আন দলসমূহো নির্বাচনক লৈ তৎপৰ হৈ পৰিছে৷ বিশেষকৈ বিজেপি আৰু কংগ্রেছ দলৰ প্রার্থিত্বৰ বাবে কেইবাকোণীয়া প্রতিযোগিতা আৰম্ভ হৈছে৷

বর্তমান দিছপুৰ সমষ্টিটোক প্রতিনিধিত্ব কৰিছে বিজেপি বিধায়ক অতুল বৰাই৷ সমষ্টিটোত অতুল বৰাক প্রত্যাহ্বান জনাই বিজেপিৰ পৰা প্রাক্তন ৰাজ্যিক সাধাৰণ সম্পাদক তথা যুৱ নেতা মৃগাংক বর্মন আৰু জয়ন্ত কুমাৰ দাসে প্রার্থিত্ব বিচাৰিছে৷ দিছপুৰ সমষ্টিত বিজেপিৰ প্রার্থিত্বক লৈ শীর্ষ নেতৃত্ব আৰু দলৰ মজিয়াত বিশেষ চর্চা অব্যাহত আছে৷ বিধায়ক অতুল বৰাৰ সমান্তৰালকৈ যুৱ নেতা মৃগাংক বর্মন আৰু জয়ন্ত কুমাৰ দাসে প্রার্থিত্ব লাভৰ বাবে শেহতীয়াকৈ সমষ্টিটোত বিশেষ তৎপৰতা প্রদর্শন কৰিছে৷ সমষ্টিটোৰ চুকে–কোণে বেনাৰ, পোষ্টাৰ লগাই প্রার্থিত্বপ্রত্যাশী বিধায়ক বৰা, বর্মন আৰু দাসে চাইকেল ৰেলী, পদযাত্রা, জনসম্পর্ক অভিযানেৰে ভোটাৰ ৰাইজৰ মন জয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷ বিধায়ক অতুল বৰাই সমর্থকক লগত লৈ বিভিন্ন স্থানত নতুনকৈ নির্মাণ কৰা পথ, গৃহ মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিছে৷ বিগত ৫ বছৰত সমষ্টিটোৰ উন্নয়নমূলক কাম–কাজ কৰাত ব্যর্থ হোৱাত বিধায়ক বৰাৰ বিৰুদ্ধে বিভিন্ন অঞ্চলৰ ৰাইজে ক্ষোভ প্রকাশ কৰিছে৷ শেহতীয়াকৈ চন্দ্রপুৰ অঞ্চলত আধাৰশিলা স্থাপন অনুষ্ঠানতে বিধায়ক বৰা ৰাইজৰ ৰোষৰ বলি হ’বলগীয়া এক ঘটনাও সংঘটিত হৈছিল৷ ইয়াৰ সুযোগ লৈ সমষ্টিটোত সমর্থকক লগত লৈ জনসম্পর্ক অভিযানেৰে মৃগাংক বর্মন আৰু জয়ন্ত কুমাৰ দাসে ৰাইজৰ দৃষ্টি আকর্ষণ কৰিছে৷ যুৱ নেতা মৃগাংক বর্মনৰ পদযাত্রাই যুৱ চাম ভোটাৰৰ মাজত বিশেষ জনপ্রিয়তা লাভ কৰা বুলি চর্চা চলিছে৷

ইফালে, জয়ন্ত কুমাৰ দাসেও সমষ্টিটোত ভোটাৰক আকর্ষণ কৰাৰ আপ্রাণ চেষ্টা চলাই আছে৷ সমাগত বিধানসভা নির্বাচনত সমষ্টিটোত বিজেপিৰ পৰা কোনে প্রার্থিত্ব লাভ কৰিব তাক লৈ দল আৰু ৰাইজৰ মাজত ব্যাপক চর্চা চলিছে৷ কাৰণ সমষ্টিটোত বিজেপিৰ হৈ তদানীন্তন অগপ চৰকাৰৰ প্রাক্তন মন্ত্রী তথা বর্তমানৰ বিজেপি বিধায়ক অতুল বৰা, বিজেপিৰ প্রাক্তন সাধাৰণ সম্পাদক মৃগাংক বর্মন আৰু দলীয় টিকট লাভ নকৰি অগপত যোগদান কৰি পুনৰ দলৰ মজিয়ালৈ ঘূৰি অহা জয়ন্ত কুমাৰ দাসে প্রার্থিত্ব দাবী কৰিছে৷ জয়ন্ত দাসৰ দলত্যাগৰ বিষয়টো এতিয়া বিজেপিৰ তৃণমূল কর্মী আৰু সমর্থকসকলৰ মাজত বিশেষ চর্চাৰ কেন্দ্র হৈ পৰা পৰিলক্ষিত হৈছে৷

ইফালে সমষ্টিটোত কংগ্রেছ দলৰ হৈ প্রার্থিত্ব বিচাৰিছে প্রাক্তন মন্ত্রী অকণ বৰা, প্রয়াত মুখ্যমন্ত্রী গোপীনাথ বৰদলৈৰ পুত্র বলীন বৰদলৈ, বন্তি দাস চৌধুৰী আৰু ভৱ বৰাই৷ কংগ্রেছ দলৰ প্রার্থিত্ব প্রত্যাশী আটাইকেইগৰাকী প্রার্থীয়ে সমষ্টিটোত প্রচাৰ অভিযানেৰে ৰাইজৰ দৃষ্টি আকর্ষণৰ চেষ্টা অব্যাহত ৰাখিছে৷ ইয়াৰ উপৰি ৰাইজৰ দল, অসম জাতীয় পৰিষদৰ পৰাও কেইবাগৰাকীও প্রার্থীয়ে সমষ্টিটোত প্রার্থিত্বৰ দাবী কৰি প্রচাৰ অভিযান অব্যাহত ৰাখিছে৷ প্রার্থিত্বকেন্দ্রিক যুঁজ, লবীকেন্দ্রিক ৰাজনীতিত সন্মানীয় দিছপুৰ সমষ্টি কাৰ হাতলৈ যায় সেয়া লক্ষণীয় হ’ব৷

You might also like