নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পোষ্টেল বেলটৰ আবেদন প্রক্রিয়া আৰম্ভ

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ  ৰাজ্যত অহা ২৭ মার্চত অনুষ্ঠিত হ’ব লগা প্রথম পর্যায়ৰ ভোটগ্রহণৰ বাবে আজি আনুষ্ঠানিক অধিসূচনা জাৰি কৰিছে নির্বাচন আয়োগে৷ ঘোষিত নির্বাচনী সূচী অনুসৰি প্রথম পর্যায়ৰ নির্বাচনৰ মনোনয়ন–পত্র দাখিলৰ অন্তিম দিন ৯ মার্চ ধার্য কৰা হৈছে৷ ১০ মার্চত মনোনয়ন–পত্রসমূ পৰীক্ষা কৰা হ’ব আৰু ১২ মার্চ হৈছে মনোনয়ন–পত্র প্রত্যাহাৰৰ অন্তিম দিন৷ ৪৭টা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া প্রথম পর্যায়ৰ ভোটগ্রহণৰ প্রতি লক্ষ্য ৰাখি আজিৰে পৰা পোষ্টেল বেলটৰ আবেদন প্রক্রিয়াও আৰম্ভ হৈছে৷ অহা ৬ মার্চলৈকে এই প্রক্রিয়া চলিব৷ আজি জনতা ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত পোষ্টেল বেলটৰ আবেদন সন্দর্ভত সবিশেষ সদৰী কৰে অসমৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই৷ তেওঁ কয় যে পূর্বতে চাকৰিয়াল, বিশেষ ভোটাৰ, নির্বাচনী দায়িত্বত থকা ভোটাৰ, অধিসূচিত ভোটাৰ আৰু যিকোনো আইনৰ অধীনত নজৰবন্দী হৈ থকা ভোটাৰসকলৰ বাবেহে পোষ্টেল বেলটৰ ব্যৱস্থা আছিল৷ কিন্তু প্রথমবাৰৰ বাবে দেশৰ নির্বাচন আয়োগে বিশেষভাৱে সক্ষম, ৮০ বছৰ বয়সৰ ঊর্ধ্বৰ জ্যেষ্ঠ নাগৰিক আৰু ক’ভিড–১৯ সন্দেহযুক্ত বা আক্রান্ত ভোটাৰসকলৰ বাবে পোষ্টেল বেলটৰ দিহা কৰিছে৷ এইসকল ভোটাৰে ঘৰত থাকিয়েই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব৷ ইয়াৰ প্রতি লক্ষ্য ৰাখি পোষ্টেল বেলটৰ আবেদন প্রক্রিয়া সৰলীকৃত কৰা হৈছে৷ পোষ্টেল বেলটৰ সুবিধা ল’ব খোজা ভোটাৰৰ ঘৰে ঘৰে বুথ পর্যায়ৰ বিষয়া (বি এল অ’)সকল যাব আৰু প্র–পত্র ১২ (ঘ) বিতৰণ–তাৰ প্রাপ্তি স্বীকাৰ সংগ্রহ কৰিব৷ ঘৰত ভোটাৰগৰাকীৰ অনুপস্থিতিত বি এল অ’জনে তেওঁৰ যোগাযোগৰ সবিশেষ জনাই অধিসূচনা জাৰি হোৱাৰ পাঁচ দিনৰ ভিতৰত পুনৰ ঘৰলৈ গৈ পূৰণ কৰা আবেদন–পত্র সংগ্রহ কৰি ৰিটার্নিং বিষয়াক জমা দিব৷ প্র–পত্র ১২ (ঘ)ৰ সৈতে আবেদনকাৰীয়ে তেওঁ যে অনুপস্থিত ভোটাৰৰ শ্রেণীত পৰে, তাৰ প্রমাণস্বৰূপে প্রমাণ–পত্র বা নির্দেশনা গাঁথি দিব লাগিব বুলি মুখ্য নির্বাচনী বিষয়াজনে স্পষ্ট কৰি দিয়ে৷

এইক্ষেত্রত উদাহৰণ দাঙি ধৰি তেওঁ পুনৰ কয় যে যদি ভোটাৰজন দিব্যাংগ হয়, তেন্তে তেওঁ আবেদন–পত্রৰ লগত বিশেষভাৱে অক্ষম লোকৰ অধিকাৰ আইন–২০১৬ৰ অধীনত চৰকাৰে প্রদান কৰা দিব্যাংগ প্রমাণ–পত্র গাঁথি দিব লাগিব৷ ক’ভিড–১৯ সন্দেহযুক্ত বা আক্রান্ত ভোটাৰে পোষ্টেল বেলটৰ বাবে আবেদন কৰোঁতে চিকিৎসকৰ প্রমাণ–পত্র দাখিল কৰিব লাগিব৷ বিষয়টো সন্দর্ভত ৰিটার্নিং বিষয়া সন্তুষ্ট হ’লে তেনে ভোটাৰক পোষ্টেল বেলটৰ সুবিধা প্রদান কৰিব৷ ৰিটার্নিং বিষয়াই আবেদনকাৰীসকলৰ আবেদনৰ তথ্যসমূহ উপলব্ধ ভোটাৰ তালিকা মতে পৰীক্ষা কৰি চাব বুলি মন্তব্য কৰি মুখ্য নির্বাচনী বিষয়া খাড়েই কয় যে যিসকল আবেদনকাৰীৰ তথ্য শুদ্ধ ৰূপে বিবেচিত হয় তেওঁলোকক পোষ্টেল বেলট প্রদান কৰা হ’ব৷ পোষ্টেল বেলট প্রদান কৰা ভোটদাতাসকলক ভোটকেন্দ্রত ভোটদানৰ সুবিধা নিদিয়াটো ৰিটার্নিং বিষয়াই নিশ্চিত কৰিব লাগিব৷ অর্থাৎ পোষ্টেল বেলটৰ জৰিয়তে ভোটাধিকাৰ সাব্যস্ত কৰা ভোটাৰসকলে ভোটকেন্দ্রত ভোটদানৰ সুবিধা নাপাব৷ প্র–পত্র ১২ (ঘ)যোগে দাখিল কৰা দিব্যাংগ আৰু ৮০ বছৰ বয়সৰ ঊর্ধ্বৰ ভোটাৰসকলৰ আবেদনৰ মাজৰ পৰা ৰিটার্নিং বিষয়াই অনুমোদন কৰা নামৰ তালিকাৰ ছপা প্রতিলিপি স্বীকৃত ৰাজনৈতিক দলৰ প্রতিদ্বন্দ্বী প্রার্থীসকলৰ মাজত বিতৰণ কৰিব৷ এই ভোটাৰসকলৰ ঘৰে ঘৰে গৈ আবেদন প্র–পত্র বিতৰণ আৰু পূৰণ কৰা প্র–পত্র সংগ্রহৰ সময়সূচী প্রতিদ্বন্দ্বী প্রার্থীসকলক অৱগত কৰোৱা হ’ব৷ প্রার্থীসকলে বিচাৰিলে ৰিটার্নিং বিষয়াক আগতীয়াকৈ জনাই এই প্রক্রিয়া পর্যবেক্ষণৰ বাবে তেওঁলোকৰ কর্তৃত্বপ্রাপ্ত প্রতিনিধি প্রেৰণ কৰিব পাৰিব৷ এই প্রক্রিয়ামুক্ত আৰু নিকাভাৱে সম্পন্ন কৰিবলৈ আৰক্ষীৰ সুৰক্ষা বেষ্টনীৰ লগতে ভিডি’গ্রাফীৰ ব্যৱস্থা কৰা হ’ব৷ ক’ভিড–১৯ সন্দেহযুক্ত বা আক্রান্ত ভোটাৰসকলৰ ঘৰৰ পৰা আবেদন প্র–পত্র সংগ্রহৰ বাবে স্বাস্থ্য বিভাগৰ দল যোৱাৰ লগতে সকলোকে পি পি ই কিট যোগান ধৰা হ’ব৷ পোষ্টেল বেলটৰ চিহ্ণ থকা তালিকাখনৰ প্রস্তুতি সম্পূর্ণ কৰিবলৈ এনে ধৰণে পৰিকল্পনা কৰা হ’ব, যাতে নির্বাচন অনুষ্ঠিত হোৱাৰ এদিনৰ আগতে সেয়া সম্পন্ন হয় আৰু ভোটগ্রহণকাৰী বিষয়াসকলে তালিকাখন সংগ্রহ কৰিব পাৰে৷ মুখ্য নির্বাচনী বিষয়া খাড়েই জানিবলৈ দিয়া মতে পোষ্টেল বেলট জমা লোৱাৰ প্রক্রিয়া নির্বাচনৰ এদিন আগতে সম্পূর্ণ কৰা হ’ব৷ উল্লেখ্য যে ৰাজ্যত এইবাৰ মুঠ ভোটাৰৰ ভিতৰত ২,৯০,২৩৮জন ৮০ৰ ঊর্ধ্বৰ জ্যেষ্ঠ নাগৰিক ১,৩৭,৭৮৯জন দিব্যাংগ আৰু বর্তমান পর্যন্ত ২৮৯জন ক’ভিড আক্রান্ত ভোটাৰ আছে৷ ইফালে, আজিৰ সংবাদ মেলত নির্বাচন আয়োগে ৰাজ্যত ‘ছুইফট আইকন’ হিচাপে নিযুক্তি দিয়া চাইক্লিষ্ট ৰাকেশ বণিক্যও উপস্থিত আছিল৷ বণিক্যই কয় যে ঘৰতে থাকি ভোটদানৰ সুবিধা প্রদান কৰাটো এটা ডাঙৰ কথা৷ বিশেষকৈ ইয়াৰ জৰিয়তে দিব্যাংগসকল উপকৃত হ’ব৷

You might also like