নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎসৱৰ দিন

ক’ভিড–১৯ মহামাৰীয়ে বিগত বর্ষৰ পৰা উৎসৱৰ পৰিৱেশ ম্লান কৰি থৈছে যদিও প্রকৃতিৰ নিয়ম মানি ধৰালৈ আহিছে ঋতুৰাজ শৰৎ৷ শৰতৰ আগমনৰ লগে লগে কেলেণ্ডাৰৰ পাতৰ পৰা দিন বাগৰি বাগৰি আহিছে উৎসৱবোৰ৷ আহি আহি শাৰদীয় দুর্গোৎসৱ এতিয়া গঞা ৰাইজৰ সন্মুখত উপস্থিত হৈছে৷ ইতিমধ্যে আৰম্ভ হৈছে দুর্গতিনাশিনী দেৱী দুর্গাৰ স্তুতি–বন্দনাৰে মহালয়া৷ এক নতুন আশাৰে জীপাল হৈ পৰিছে ৰাইজৰ প্রাণ৷ মহালয়াৰ আৰম্ভণিৰ লগে লগে মহামাৰীয়ে পিষ্ট কৰি থোৱা মানৱ সমাজত উৎসৱৰ এক জাগৰণ আহিছে৷ ইতিমধ্যে প্রকৃতিয়েও সলাইছে ৰং৷ বর্ষাৰ আকাশৰ দুর্বাদল মেঘৰ গাজনি এতিয়া নাই৷ মুহূর্ততে আকাশ ছানি ধৰা ক’লীয়া মেঘৰ দর্দুণ্ড প্রতাপ এতিয়া নাইকিয়া হৈ পৰিছে৷ আকাশত শুকুলা মেঘে এক শুভ্র জাল গুঁঠিছে৷ মাজে মাজে বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে যদিও মুহূর্ততেই ৰ’দৰ জিলিকনিয়ে ৰাইজক সোঁৱৰাই দিছে শৰতৰ আগমনৰ কথা৷ ফৰকালৰ দিনৰ পুৱা নিয়ৰসিক্ত দূবৰিয়ে দিছে নতুন ঋতুৰ আগমনৰ বতৰা৷ গঞাৰ পদূলিয়ে পদূলিয়ে শেৱালিয়ে বিলাইছে নতুন সুবাস৷ মুঠতে শৰতৰ আগমনৰ লগে লগে এক পৰিৱর্তনৰ ছবি কেউদিশে প্রতিফলিত হৈছে৷ পথাৰবোৰত শইচে ভৰুণ ৰূপ ধাৰণ কৰাৰ এয়াই উৎকৃষ্ট সময়৷ অৱশ্যে এইবাৰ বৰষুণৰ পৰিমাণ কম হোৱা বাবে বহু কৃষকৰ পথাৰ ছন পৰিছে৷ তথাপি শৰৎ ঋতুৰ আগমনে যিবোৰ পথাৰত ধানখেতি কৰা হৈছে, তালৈ কঢ়িয়াই আনিছে এক নতুন পৰিৱেশ৷ নান্দনিক পৰিৱেশ সৃষ্টি কৰি শুভ্র কঁহুৱাই দিছে শৰৎ আৰু শাৰদীয় উৎসৱসমূহৰ আগমনৰ বতৰা৷ ইফালে এই উৎসৱৰ দিনতো জনসাধাৰণৰ মহামাৰীৰ সৈতে যুঁজৰ অন্ত পৰা নাই৷ বিগত বর্ষৰ দুর্গোৎসৱৰ সময়ত ক’ভিড মহামাৰীৰ ভেকচিন উদ্ভাৱন হোৱা নাছিল৷ এইবাৰ ভেকচিন উদ্ভাৱন হোৱাৰ পাছত গৰিষ্ঠসংখ্যক প্রাপ্তবয়স্ক লোকে ক’ভিড প্রতিৰোধ ভেকচিন লৈছে৷ গতিকে উৎসৱৰ দিনত মহামাৰীৰ পৰা নিৰাপদ বুলি বহুতেই আশ্বস্ত হৈছে৷
তথাপি উৎসৱৰ এই পৰিৱেশৰ মাজতো যেন গৰিষ্ঠসংখ্যক লোকৰ মনত পূর্বৰ আনন্দ নাই৷ পূর্বৰ দৰে উৎসৱক আদৰাৰ শকতি এতিয়া জনসাধাৰণৰ নোহোৱা হৈ পৰিছে৷ অথচ এই উৎসৱবোৰেই আছিল গঞা ৰাইজৰ কাল৷ গাঁৱৰ কৃষক, প্রজাই বিভিন্ন সময়ত জন্ম দিছিল উৎসৱবোৰ৷ উৎসৱবোৰতেই প্রতিফলিত হৈছিল গঞা ৰাইজৰ সুখ–আনন্দ৷ কিন্তু আজিৰ মুহূর্তত উৎসৱৰ স্রষ্টা কৃষক–প্রজাসকল হাজাৰটা সমস্যাত আক্রান্ত৷ সন্তানক উৎসৱৰ দিনত এডোখৰ নতুন কাপোৰ দিবলৈ আজি বহু কৃষক পৰিয়ালৰ হাতত নাই ধন–বিত৷ মহামাৰীৰ লকডাউনৰ সময়ত কর্মহীন হৈ থকা দুখীয়া পৰিয়ালে গাঁঠিৰ ধন শেষ কৰি এতিয়া নিজক পোহপাল দিয়াৰ কথা চিন্তা কৰিবলগীয়া হৈছে৷ মহামাৰীৰ সময়ত সৰু–সুৰা কাম কৰি কোনোমতে পৰিয়াল পোহপাল দি থকা লোকসকলৰ জীৱিকাৰ পথ সম্পূর্ণৰূপে বন্ধ হৈ পৰিছে৷ গৰিষ্ঠসংখ্যক লোকৰ বাবে মহামাৰীয়ে কঢ়িয়াই আনিলে এক ভয়াৱহ সংকট৷ ইয়াৰ বিপৰীতে একাংশ ধনকুবেৰৰ সম্পদৰ পৰিমাণ বাঢ়িল অভাৱনীয় হাৰত৷ আজি এনে অসমতা ভৰা ব্যৱস্থাৰ সৃষ্টি হৈছে যে দেশৰ সমস্ত সম্পদ এমুঠি ধনকুবেৰৰ কুক্ষিতগত হোৱাৰ বিপৰীতে ৯৯ শতাংশ লোকৰ জীৱনলৈ নামি আহিছে ন ন সংকট৷ এনে পৰিস্থিতিত উৎসৱবোৰত দুই শিবিৰত বিভক্ত হৈ পৰিছে৷ একাংশৰ বাবে দুর্গোৎসৱ বা অন্যান্য উৎসৱসমূহ হৈ পৰিছে ৰাজকীয়৷ তেওঁলোকৰ হেঁপাহ আৰু আনন্দৰ শেষ নাই৷ কিন্তু গৰিষ্ঠসংখ্যক জনতাৰ বাবে উৎসৱ হৈ পৰিছে দুখৰ ৰাতি নাযায়–নুপুৱায়৷ একাংশ লোকৰ উৎসৱৰ আনন্দ লাভ কৰাৰ বিপৰীতে উৎসৱৰ দিনকেইটা গৰিষ্ঠসংখ্যকেই দুখ–বেদনাত কটাবলগীয়া হয়৷ কাৰোবাৰ বাবে শিশু সন্তানক নতুন পোছাক দিব নোৱাৰাৰ যন্ত্রণা, কাৰোবাৰ বাবে পত্নী বা পিতৃ–মাতৃক উৎসৱৰ দিনত নতুন এপদ বস্তু উপহাৰ হিচাপে দিব নোৱাৰাৰ হতাশা আৰু কাৰোবাৰ বাবে উৎসৱৰ দিনত গৈ ইষ্ট–কুটুম্ব বা বান্ধৱৰ সৈতে আনন্দ–ফূর্তি কৰিব নোৱাৰাৰ অৱসাদ৷ এই সকলোবোৰেই উৎসৱৰ দিনত প্রতিফলিত হৈছে ভিন্ন ৰূপত৷ তথাপি প্রকৃতিৰ নিয়ম মানি উৎসৱ আহিছে৷ দুখ–হতাশা–যন্ত্রণা বুকুত সাবটিলৈও দুর্গতিনাশিনী দেৱীৰ আশীর্বাদ লোৱাৰ ক্ষেত্রত কোনেও চাগে পিছপৰি নাথাকিব৷ এয়াই উৎসৱৰ মাহাত্ম্য৷ ইয়াতেই নিহিত হৈ আছে উৎসৱৰ প্রাসংগিকতা৷ য’ত মাথোঁ প্রতিফলিত হয় একতা আৰু সম্প্রীতি৷

You might also like