ন্যায়ালয়ৰ নির্দেশ অৱমাননাৰে যোৰপুখুৰীৰ উত্তৰ পাৰৰ দেৱাল ভাঙি পথ নির্মাণ
নিয়মীয়া বার্তা, ২৯ অক্টোবৰঃ ঐতিহ্যমণ্ডিত উগ্রতাৰা দেৱালয়ৰ ভূমি বেদখল কৰি অবৈধভাৱে পথ নির্মাণ কৰা কার্যক লৈ ৰাইজৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ঐতিহ্যমণ্ডিত যোৰপুখুৰীৰ উত্তৰপাৰৰ চৌহদৰ দেৱাল ভাঙি পথ নির্মাণ কৰা কার্যৰ বিৰুদ্ধে বিশিষ্ট ক্রীড়াবিদ কল্যাণ কুমাৰ দাসে কামৰূপ মহানগৰ জিলা অতিৰিক্ত জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত এখন আবেদন দাখিল কৰিছিল৷
উক্ত আবেদনৰ ভিত্তিত ০৬/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰি কামৰূপ (ম) জিলাৰ ১নং অতিৰিক্ত জিলা ন্যায়িক দণ্ডাধীশ ইউ ৰাজখোৱাৰ আদালতে যোৰপুখুৰীৰ উত্তৰপাৰে দেৱাল নির্মাণ বা ভঙা কার্য বন্ধ ৰাখিবলৈ নির্দেশনা জাৰি কৰাৰ লগতে মহানগৰ আৰক্ষী আয়ুক্তক ব্যৱস্থা গ্রহণৰ নির্দেশ জাৰি কৰিছিল৷
কিন্তু আদালতৰ নির্দেশনা অৱমাননা কৰি ব্যক্তিগত স্বার্থ সিদ্ধিৰ বাবে পৌৰ নিগমৰ ঠিকাদাৰে ঐতিহ্যমণ্ডিত যোৰপুখুৰীৰ দেৱাল ভাঙি পথ নির্মাণকার্য সম্পূর্ণ কৰে৷ ঐতিহাসিক দেৱ–দেৱালয়, মন্দিৰ আদিত খননকার্য চলাবলৈ ভাৰত চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ অনুমোদনৰ প্রয়োজন৷
কিন্তু উগ্রতাৰা দেৱালয়ৰ দলৈ পৰমেশ্বৰ শর্মাই ঐতিহ্যমণ্ডিত যোৰপুখুৰীৰ দেৱাল ভাঙিবলৈ আপত্তিবিহীন প্রমাণ–পত্র প্রদান কৰে৷ এই প্রমাণ–পত্রৰ ভিত্তিতে কেৱল ব্যক্তিগত স্বার্থ সিদ্ধিৰ বাবে যোৰপুখুৰীৰ উত্তৰপাৰৰ দেৱাল ভাঙি পথ নির্মাণ কৰা কার্যক লৈ সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷