নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডবকাত ক্ষোভৰ সন্মুখীন আজমলৰ বিধায়ক পুত্র

আব্দুৰ ৰহিম আজমলক লৈ হোজাই চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

নিয়মীয়া বাৰ্তা ৮ ডিচেম্বৰঃ নিজ সমষ্টিতে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ পুত্র বিধায়ক আব্দুৰ ৰহিম আজমল আজি পুনৰ ৰাইজৰ ৰোষত পৰিল৷ দীর্ঘদিনৰ পৰা আজমল পৰিয়ালৰ দখলত থকা হোজাই জিলাৰ যমুনামুখ সমষ্টিত কিছুদিন আগৰ পৰা হঠাৎ আৱির্ভাৱ হোৱা বিধায়কজন য’তেই গৈছে, তাতেই ৰাইজৰ ৰোষত পৰিছে৷ আজি বিধায়কজনে ডবকা চিকিৎসালয় পৰিদর্শন কৰিবলৈ সদলবলে উপস্থিত হৈছিল৷ সেই সময়তে একাংশ লোকে বিধায়কজনক নানা প্রশ্ণবাণেৰে ব্যতিব্যস্ত কৰে৷ বিগত চাৰে চাৰি বছৰে বিধায়কজনে সমষ্টিৰ কোনো খবৰ নকৰি নির্বাচনৰ আগত সমষ্টিৰ বিভিন্ন ঠাইলৈ গৈ ৰাইজৰ অভাৱ–ভিযোগৰ বুজ ল’বলৈ চেষ্টা কৰিছে৷ কিন্তু বিধায়কজন য’লৈকে গৈছে, তাতেই ৰাইজৰ বিভিন্ন প্রশ্ণৰ সন্মুখীন হৈছে৷ আজিও বিধায়কজন ডবকাৰ ত্রিশখন বিছনাযুক্ত চিকিৎসালয়ত উপস্থিত হোৱাৰ সময়ত একাংশ লোকে তেওঁক বিভিন্ন প্রশ্ণ কৰাত তেওঁৰ লগত যোৱা দলীয় কর্মীয়ে ইয়াৰ প্রতিবাদ কৰাত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷

বিধায়কক প্রশ্ণ কৰা লোকক দলীয় কর্মীয়ে বাধা দিওঁতে পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ দুই ফৈদৰ মাজত হতাহতি হয় যদিও পাছত পৰিৱেশ নিয়ন্ত্রণ হয়৷ পৰিৱেশ শান্ত হোৱাত বিধায়কজনে চিকিৎসালয়খন পৰিদর্শন কৰি বিভিন্ন অভাৱ–ভিযোগৰ বুজ লয়৷ অভিযোগ মতে, আজমল পুত্রই সমষ্টিত নিজ পৰিয়ালৰ ব্যৱসায় চলোৱাৰ দৰে কিছু মেনেজাৰ নিয়োগ কৰি সমষ্টি এৰি দি সঘনাই বিদেশ ভ্রমণ কৰি বিলাসী জীৱন যাপন কৰাৰ লগতে পৈতৃক ব্যৱসায়ত ব্যস্ত থকা বিধায়কজনৰ বিৰুদ্ধে ক্ষোভ সৃষ্টি হৈ আহিছে সমষ্টিবাসী ভোটাৰৰ মাজত৷ ইয়াৰ পূর্বে এবাৰ সমষ্টিৰ কপাহবাৰীত ৰাইজে তেওঁক পহুখেদা দিয়াৰ পাছত পুনৰ সমষ্টিৰ এটা পথ উদ্বোধন কৰিবলৈ গৈ তেওঁ ভেলৌগুৰিত ৰাইজৰ ৰোষত পৰিছিল৷ অভিযোগ মতে, বিলাসী বিধায়কজনে সমষ্টিৰ ভেলেউগুৰিত এটা আধৰুৱা ৰাস্তাৰ কাম উদ্বোধন কৰিবলৈ গৈছিল৷ কিন্তু সেই পথ নির্মাণত হোৱা অনিয়মৰ বাবে ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ৷ বিধায়কজন সেই স্থানত উপস্থিত হোৱাৰ পাছত ক্ষুব্ধ ৰাইজে বিভিন্ন প্রশ্ণবাণেৰে থকা–সৰকা কৰে আৰু আধৰুৱা পথ উদ্বোধন নকৰাকৈ বিধায়কজনে সেই স্থান ত্যাগ কৰিছিল৷

You might also like