নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘পাৰিপার্শ্বিকতা বিনষ্ট নকৰাকৈ পর্যটন খণ্ডক বিকশাই তুলিব লাগিব’

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ  মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি ৰাজ্য চৰকাৰৰ পর্যটন বিভাগে দীপৰ বিলত আয়োজন কৰা এক অনুষ্ঠানৰ জৰিয়তে পর্যটন বিভাগৰ দ্বাৰা ৰূপায়ণ কৰা ‘আমাৰ আলহী’ আঁচনিখনৰ ৩৪গৰাকী হিতাধিকাৰীলৈ অনুমোদন–পত্র প্রদান কৰাৰ উপৰি অসম বিকাশ যোজনাৰ ‘পর্যটন সাৰথি’ আঁচনিৰ অধীনত পর্যটনৰ লগত জডিত হিতাধিকাৰীলৈ ইলেক্ট্রনিক গেজেট কেইগৰাকীমান হিতাধিকাৰীক আনুষ্ঠানিকভাৱে প্রদান কৰে৷ এই অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে দীপৰ বিলৰ কাউণ্ড্রী ব’ট সেৱাৰ শুভাৰম্ভ কৰে৷ এই আঁচনিৰ অধীনত হিতাধিকাৰীসকললৈ এই গৃহ নির্মাণৰ বাবে ১০ লাখ টকাকৈ আগবঢ়োৱা হয় আৰু ইয়াৰে ৮০ শতাংশ পুঁজি ৰাজ্য চৰকাৰৰ পর্যটন বিভাগে ৰাজসাহায্য হিচাপে প্রদান কৰে৷

আনহাতে পর্যটন ক্ষেত্রৰ লগত জডিত ব্যক্তিসকলৰ বাবে শেহতীয়া প্রযুক্তিবিদ্যাৰ সহায়ত নিয়োগ সংস্থাপনৰ সৃষ্টি কৰাৰ লগতে ক’ভিড–১৯ ৰোগৰ প্রাদুর্ভাৱত ক্ষতিগ্রস্ত হোৱা পর্যটন ক্ষেত্রৰ লগত জডিত যুৱক–যুৱতীসকলক উৎসাহিত কৰাৰ বাবে ‘পর্যটন সাৰথি’ নামৰ আঁচনিখনৰ জৰিয়তে এই ইলেক্ট্রনিক গেজেট প্রদান কৰা হৈছে৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী সোণোৱালে কয় যে প্রকৃতি আৰু জৈৱ–বৈচিত্র্যৰ হটস্পটস্বৰূপ অসমৰ পর্যটন ক্ষেত্রৰ যথেষ্ট সম্ভাৱনীয়তা আছে৷ সেয়েহে এই খণ্ডই বহন কৰা সম্ভাৱনীয়তাৰ সর্বোচ্চ বিকাশৰ দিশত আমি আধুনিক ধ্যান–ধাৰণাৰে আগবাঢ়িব লাগিব৷ বিশ্বৰ ৭০০ কোটি জনতাক আকৃষ্ট কৰাৰ বাবে অসমৰ পর্যটন থলীসমূহো পাৰিপার্িশ্বক অৱস্থা বিনষ্ট নকৰাকৈ আধুনিক ধ্যান–ধাৰণাৰে বিকশাই তুলিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷

মুখ্যমন্ত্রীয়ে দীপৰ বিলৰ বাবে ‘উত্তৰণ’ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে ১০ কোটি টকা ধার্য কৰিছে বুলি উল্লেখ কৰে৷ অনুষ্ঠানত অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ৰাজ্য চৰকাৰৰ পর্যটন বিভাগ তথা পর্যটন উন্নয়ন নিগমে পর্যটনৰ বিকাশৰ বাবে গ্রহণ কৰা পদক্ষেপৰ সবিশেষ ব্যাখ্যা কৰি বক্তব্য আগবঢ়ায়৷ পর্যটন বিভাগৰ প্রধান সচিব মুকেশ চাহুৱে আদৰণী ভাষণ দিয়া আজিৰ এই অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, অসম বিত্ত নিগমৰ অধ্যক্ষ বিজয় গুপ্তা, গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণৰ উপাধ্যক্ষ মুকুতা ডেকা, অসম পর্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱদ্বীপ কলিতা, প্রধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মুৰব্বী এম কে যাদৱ, পর্যটন বিভাগৰ সচিব ৰাজভি হুছেইনকে ধৰি উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷

You might also like