নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাতগাঁৱত বনৰীয়া হাতীৰ মুক্ত বিচৰণক লৈ আতংক

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ মহানগৰীৰ ৰাজপথত পুনৰ বন্যহস্তীৰ মুক্ত বিচৰণক লৈ তীব্র আতংকৰ সৃষ্টি হয়৷ আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত মঙলবাৰে নিশা এটা প্রকাণ্ড বনৰীয়া হাতী সাতগাঁৱৰ ৰাজপথত মুক্ত বিচৰণ কৰে৷ সাতগাঁও বজাৰৰ পৰা পোনে পোনে বনৰীয়া হাতীটো পাথৰ কোৱেৰী অভিমুখে গৈ থকাৰ সময়তে স্থানীয় লোকে জুই জ্বলাই, ফটকা ফুটাই হাতীটোক বনাঞ্চললৈ খেদি পঠিওৱাৰ চেষ্টা কৰে যদিও বিফল হয়৷ পাছত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত হাতীটো প্রায় দুঘণ্টা সময় চেষ্টা চলাই বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয়৷ অৱশ্যে বনৰীয়া হাতীটোৱে কোনো লোকৰ বাসগৃহৰ বিশেষ ক্ষয়–ক্ষতি কৰা নাই৷

উল্লেখ্য যে আমচাং অভয়াৰণ্যৰ পৰা প্রায়ে বনৰীয়া হাতীৰ জাক ওলাই আহি সাতগাঁও, পাঞ্জাবাৰী, বাঘৰবড়ি নুনমাটি, নাৰেংগী আদি অঞ্চলত আতংকৰ সৃষ্টি কৰি আহিছে৷ বনৰীয়া হাতীৰ আক্রমণত পূর্বে কেইবাজনো লোক আহত হোৱাৰ লগতে আন কেইবাটাও পৰিয়ালৰ বাসগৃহৰ বিস্তৰ ক্ষতি কৰে৷ ইয়াৰ পাছতো বনৰীয়া হাতীৰ উপদ্রৱ ৰোধ কৰাৰ ক্ষেত্রত বন বিভাগে ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷

You might also like