নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় মহিলাসকল এনিমিয়াত আক্রান্ত হয় কিয়?

ডাঃ ৰীণা দেৱী

আমাৰ দেশত বর্তমান আর্থিক দিশটোৰ লগতে সামাজিক ব্যৱস্থালৈও যথেষ্ট সুস্থিৰতা অহা দেখা গৈছে৷ তথাপি যেতিয়া এইধৰণৰ কিছুমান খবৰ পোহৰলৈ আহে, তেতিয়া স্বাভাৱিকতে চিন্তনীয় বিষয় হৈ পৰে৷
প্রাপ্ত তথ্য অনুসাৰে, ভাৰতবর্ষত সবাতোকৈ বেছি এনিমিয়াত আক্রান্ত মহিলা আছে৷ প্রায় ১৫–৪৯ বছৰ বয়সৰ ৫১ শতাংশ ভাৰতীয় মহিলাই এনিমিয়াত আক্রান্ত৷ তেওঁলোক আইৰনৰ অভাৱত ভুগি আছে৷ পুষ্টিসাধক খাদ্য গ্রহণ কৰিবলৈ নাপায়, মুঠৰ ওপৰত তেওঁলোক সুস্থ নহয়৷
আচৰিত হ’বলগীয়া কথা এই যে ১৫–৪৯ বছৰ বয়স অর্থাৎ যুৱাৱস্থা, গর্ভাৱস্থাৰ সময়ছোৱাত এই ধৰণৰ অপুষ্টি, যাৰ পোনপটীয়া প্রভাৱ আহিবলগীয়া সন্তানটিৰ ওপৰতো পৰে৷ যদি মাতৃগৰাকী সুস্থ নহয়, তেতিয়া সন্তানটিও সুস্থ নহ’ব৷
কাৰণ কি?
বিশেষজ্ঞসকলে কয় যে কেৱল অপুষ্টিয়ে সবাতোকৈ ডাঙৰ বা একমাত্র কাৰণ নহয়, বৰঞ্চ স্বচ্ছতাৰ অভাৱো ইয়াৰ এটা মূল কাৰণ৷ কিয়নো খাদ্য স্বাস্থ্যসন্মত নহ’লে শৰীৰে তাক গ্রহণ কৰিব নোৱাৰে৷
তদুপৰি সজাগতাৰ অভাৱ, শিক্ষাৰ অভাৱ আৰু পৰিয়ালটোত নিজক মহত্ত্ব নিদিয়া অর্থাৎ প্রথমতে পৰিয়ালৰ আন সদস্যসকলৰ সুখ–আনন্দ বিচাৰি নিজৰ খোৱা–বোৱা, স্বাস্থ্যৰ প্রতি গুৰুত্ব নিদিয়াটোও ইয়াৰ প্রমুখ কাৰণ৷
সামাজিক তথা পাৰিবাৰিক ৰূপৰেখা
আমাৰ সমাজখনে আজিও এনে চিন্তাধাৰাকে মহত্ত্ব দি আছে যে মহিলাসকলে পতি ধর্ম পালন কৰিব লাগে৷ ল’ৰা–ছোৱালী আৰু পৰিয়ালৰ প্রতি ধ্যান ৰাখিব লাগে৷
এইধৰণৰ চিন্তাধাৰাক মহত্ত্ব দিয়াসকলে এবাৰো এই কথা নাভাবে যে মহিলাসকলেও নিজৰ বিষয়ে ভবা উচিত৷
তেওঁলোকৰ স্বাস্থ্যও যে অটুট থকা আৱশ্যক কথাষাৰ শিকোৱাই নহয়৷
যদি তেওঁলোকে নিজৰ কথা ভাবিবলৈও লয় তেতিয়াও স্বার্থপৰ আখ্যা দিয়া হয়৷ পতি তথা সন্তানতকৈ আগেয়ে আহাৰ গ্রহণ কৰা মহিলাক দায়িত্বজ্ঞানহীন, আত্মকেন্দ্রিক বুলি ক’ব খোজা হয়৷
শৈশৱৰ পৰাই তেওঁলোকক এনে শিক্ষা দিয়া হয় যে পৰিয়ালটোৰ চোৱা–চিতাই প্রথম কর্তব্য হ’ব লাগে৷ ভুলতো নিজৰ প্রতি ধ্যান দিবলৈ তথা সু–স্বাস্থ্য অটুট ৰাখিবলৈ সকীয়াই দিয়া নহয়৷
এই কাৰণতে তেওঁলোকৰ ভাব–চিন্তাও সেই ধৰণেই গঢ় লয়৷ যদি কোনো কাৰণত তেওঁলোকে নিজৰ বিষয়ে ভাবিবলৈ লয়, তেতিয়াও বক্র দৃষ্টি নিক্ষেপ কৰা হয়৷
বিবাহৰ পিছত তেওঁলোকে পতিকো শিশু এটিৰ নিচিনাকৈ ৰাখিব বিচাৰে৷ তেওঁৰ সৰু–সুৰা প্রয়োজনসমূহৰ প্রতি ধ্যান ৰখাৰ উপৰি প্রত্যেকটো কথা মানি চলাটো পত্নী ধর্ম হৈ পৰে৷ কিন্তু ইয়াৰ ফলস্বৰূপে জ্ঞাতে বা অজ্ঞাতে তেওঁ নিজৰ স্বাস্থ্যৰ প্রতি সবাতোকৈ বেছি অৱহেলা কৰি আহে৷
তেওঁ পুৰুষ, গতিকে তেওঁৰ প্রতি ধ্যান ৰখাটো পত্নীৰ দায়িত্ব৷ তেওঁক পুষ্টিকৰ খাদ্য যোগান ধৰা, সু–নিদ্রাৰ প্রতি লক্ষ্য ৰখা ইত্যাদি বিষয়ৰ প্রতি ধ্যান ৰখাটো পত্নীৰ মুখ্য কর্তব্য৷
কিবা কাৰণত পত্নী যদি বেমাৰত পৰে অথবা হঠাৎ অসুস্থ হয়, তেতিয়াও তেওঁৰ প্রতি বিশেষ ৰুচি দেখুওৱা নহয়৷ বৰঞ্চ পৰিয়ালটোৱে তেওঁৰ অসুখৰ হেতু বিৰক্তি অনুভৱ কৰি ভাবে যে কোনেও ঠিক মতে খাব, শুব পৰা নাই৷ ঘৰুৱা কাম–বনবোৰো হৈ উঠা নাই৷
ঘৰখন সুচাৰুৰূপে চলাই আহি পত্নীয়ে যদি নিজৰ বিষয়ে কিবা এষাৰ কয়, তেতিয়াও ওলোটাই তেওঁ কথা শুনিবলগীয়া হয় যে গোটেই দিনটো ঘৰতে সোমাই থাকা, তোমাৰ কাম কি আছে
মুঠৰ ওপৰত স্ত্রীৰ স্বাস্থ্যৰ প্রতি আমাৰ দেশত সবাতোকৈ কম গুৰুত্ব দিয়া হয়৷
সজাগতা আৰু শিক্ষাৰ অভাৱ
সজাগতাৰ অভাৱেই সবাতোকৈ ডাঙৰ কাৰণ৷ শৈশৱৰ পৰাই তেওঁলোকৰ লালন–পালন এনেভাবে কৰা হয় যে পিছলৈ নিজৰ স্বাস্থ্যক মহত্ত্বই নিদিয়া হয়৷
তেওঁলোকৰ ভাব হয় যে পৰিয়াল তথা পতিৰ সেৱা কৰাই সবাতোকৈ প্রয়োজনীয় বিষয়৷ পিছে তেওঁ যদি নিজে গর্ভৱতী, তেন্তে নিজৰ স্বাস্থ্যৰ প্রতি ধ্যান ৰখা দৰকাৰ কাৰণ আহিব লগা শিশুটিৰ স্বাস্থ্যৰ বিষয়টো জড়িত হৈ থাকে৷
কিন্তু যদি তেওঁ আৰম্ভণিৰ পৰাই অসুস্থ, তেন্তে এইটো স্পষ্ট যে কেৱল গর্ভাৱস্থাৰ মুহূর্তত নিজৰ যত্ন ল’লেও সকলো ঠিক হৈ নাযায়৷
গর্ভাৱস্থাৰ সময়তো আইৰন টেবলেট বা পুষ্টিকৰ খাদ্য তেওঁলোকে নাখায়৷
অধিকাংশ মহিলাৰে পুষ্টিকৰ আহাৰ সম্বন্ধে সম্যক জ্ঞান নাই আৰু এনে খাদ্যৰ প্রতি গুৰুত্বই নিদিয়ে৷
সদায় পতি আৰু ল’ৰা–ছোৱালীৰ দীর্ঘ জীৱন তথা সু–স্বাস্থ্য ৰক্ষাৰ নিমিত্তে তেওঁলোকক ব্রত ৰাখিবলৈ কোৱা হয়৷
যিসকল নিৰামিষভোজী, তেওঁলোকে কেনে ধৰণে নিজৰ খাদ্যৰ সমতা ৰক্ষা কৰিব লাগে ইয়াৰ অভিজ্ঞতাখিনি নাই৷
শিক্ষাৰ অভাৱো অন্য এক কাৰণ কিয়নো পঢ়া–শুনা নকৰা বা অল্পশিক্ষিত মহিলাই সজাগতাৰ লগতে স্বচ্ছতাৰ মহত্ত্ব বুজিব নোৱাৰে৷
চাফ–চিকুণতাৰ অভাৱত কিদৰে ব্যক্তিৰ স্বাস্থ্য প্রভাৱিত হ’ব পাৰে এইটো বুজা অতি প্রয়োজন৷ ব্যক্তি বিভিন্ন গম্ভীৰ ৰোগৰ চিকাৰ হ’বগৈ পাৰে৷ যাৰ ফলত তেওঁৰ শৰীৰত পুষ্টিসাধক উপাদান গ্রহণ তথা শোষণ কৰাৰ ক্ষমতা কমি আহিব ধৰে৷
খাদ্যক কিদৰে সন্তুলিত তথা পুষ্টিকৰ কৰি তুলিব পৰা যায় ইয়াৰ জ্ঞানো অধিকাংশৰে নাই৷
দৰিদ্রতাও অন্য এক কাৰণ
আইৰনৰ অভাৱত হ’ব পৰা এনিমিয়াৰ সবাতোকৈ ডাঙৰ কাৰণ হৈছে দৰিদ্রতা আৰু অপুষ্টি৷
দৰিদ্রতাৰ হেতু ব্যক্তিয়ে ঠিক মতে খাদ্যৰ ব্যৱস্থা কৰিব নোৱাৰে৷ তদুপৰি বিভিন্ন খাদ্য দ্রব্য সম্বন্ধীয় জ্ঞান তথা গুণাগুণ সম্বন্ধেও তেওঁলোকৰ কোনো ধাৰণা নাই৷
ভাৰতবর্ষত গর্ভৱতী মহিলা গম্ভীৰ ৰূপত অপুষ্টিৰ চিকাৰ হোৱাৰ কাৰণ
কেৱল গর্ভাৱস্থাই নহয়, বৰঞ্চ সকলো শ্রেণীৰ ভাৰতীয় মহিলাই সম্পূর্ণৰূপে স্বাস্থ্যৱান নহয়৷ তেওঁৰ লগতে তেওঁৰ শিশুটিৰ স্বাস্থ্য তথা ওজন অন্য দৰিদ্র দেশৰ মহিলা তথা শিশুৰ তুলনাত কম পোৱা যায়৷
ভাৰতবর্ষত কৈশোৰ কালত ছোৱালীসকলৰ এনিমিয়া হোৱাৰ আঁৰত মুখ্য কাৰণ হৈছে ইয়াৰ সংস্কৃতি, য’ত লিংগৰ আধাৰত সকলো ক্ষেত্রতে ভেদ ভাব ৰখা হয়৷ পুত্রক পুষ্টিকৰ আহাৰ খাবলৈ দিয়া আৰু কন্যা সন্তানৰ স্বাস্থ্যক আওকাণ কৰা আমাৰ পৰিয়ালসমূহত দেখা যায়৷
কেৱল দৰিদ্র পৰিয়ালতে নহয়, শিক্ষিত তথা আঢ়্যৱন্ত পৰিয়ালতো এইধৰণৰ লিংগ ভেদ বৰকৈ দেখা যায়৷
পুষ্টিৰ অভাৱত হ’ব পৰা এনিমিয়া অর্থাৎ আইৰন আৰু ফলিক এচিডৰ অভাৱতো এই ৰোগ হয়৷ ইয়েই প্রত্যক্ষ বা পৰোক্ষভাৱে গর্ভাৱস্থাৰ সময়ছোৱাত প্রায় বিশ শতাংশৰ মৃত্যুৰ কাৰণ হৈ পৰে৷
দৰবৰ লগতে পুষ্টিকৰ আহাৰে কিদৰে এই সমস্যাটো কমাব পাৰে, কেনে ধৰণৰ আহাৰৰ জৰিয়তে পুষ্টি পাব পৰা যায়, এনেবোৰ জ্ঞান মহিলাসকলৰ লগতে পৰিয়ালৰ অন্যান্য সদস্যৰো থকা উচিত৷

You might also like