নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজান বজাৰ–ফটাশিল আমবাৰী–পাণ্ডু ভঙাগড়–বামুণীমৈদাম্ মুকলিকৈ বিক্রী অবৈধ সুৰা

গুৱাহাটী মহানগৰীত অসাৰ ড্রাইডে’

নিয়মীয়া বাৰ্তা ৬ এপ্ৰিলঃ তৃতীয় তথা অন্তিম পর্যায়ৰ নির্বাচন সুকলমে আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ পৰিপ্রেক্ষিতত কামৰূপ মহানগৰ জিলা প্রশাসনে ৪ এপ্রিলৰ সন্ধিয়া ৬ বজাৰ পৰা ৬ এপ্রিলৰ সন্ধিয়া ৬ বজালৈ ড্রাইডে’ ঘোষণা কৰিছিল৷ জিলা প্রশাসনৰ এই নির্দেশনালৈ বুঢ়া আঙুলি দেখুৱাই মহানগৰীৰ বিভিন্ন স্থানত মুকলিকৈ বিলাতী সুৰা বিক্রী কৰি আহিছে একাংশ অসাধু লোকে৷ বিলাতী সুৰাৰ বিপণী বন্ধ থাকিলেও মহানগৰীৰ ফটাশিল আমবাৰী, গণেশপাৰা, পাণ্ডু, হাতীগাঁও, সাতগাঁও, ভঙাগড়, বামুণীমৈদামকে ধৰি বিভিন্ন স্থানত মুকলিকৈ বিলাতী সুৰা বিক্রী কৰি আহিছে একাংশ অসাধু লোকে৷

কামৰূপ সদৰ আবকাৰী বিভাগে অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও একাংশ ব্যৱসায়ীয়ে মুকলিকৈ বিলাতী সুৰাৰ ৰমৰমীয়া বেহা চলাই আহিছে৷ বিশেষকৈ ফটাশিল আমবাৰী, হৰিজন কলনীত চানি, উজানবজাৰত ৰামনাথ আৰু বেল, পাণ্ডুত সাধু আৰু জয়ন্ত পালে মুকলিকৈ সুৰা বিক্রী কৰি আহিছে৷ কেৱল এইকেইগৰাকী অবৈধ সুৰা ব্যৱসায়ীয়েই নহয়, আবকাৰী বিভাগৰ একাংশ বিষয়াৰ জ্ঞাতসাৰে বিভিন্ন স্থানত অবৈধ সুৰা বিক্রী কৰি আহিছে অসাধু ব্যৱসায়ীসকলে৷

You might also like