নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

GMCH ত ৰোগীৰ দেহত সংৰোপণ কৰিবলৈ লওঁতেই ধৰা পৰিল নকল পেচমেকাৰ

নিয়মীয়া বাৰ্তা, ১৩ জুনঃ ক’ভিডসৃষ্ট এই জটিল পৰিস্থিতিৰ মাজতে একাংশ অসাধু ফার্মাচীত নকল ঔষধ, পেচমেকাৰ বিক্রী কৰি অহাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ ৰাজ্যৰ অন্যান্য প্রান্ততত দূৰৰে কথা, খোদ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদতে নকল পেচমেকাৰ বিক্রী কৰি আহিছে৷ জি এম চি এইচ চৌহদত থকা মেছার্চ ৰ’দালি ড্রাগ্ছ নামৰ ফার্মাচীখনত বিক্রী কৰি আহিছিল নকল পেচমেকাৰ৷

জি এম চি এইচত চিকিৎসাধীন এজন ৰোগীৰ আত্মীয়ই ৰ’দালি ফার্মাচীৰ পৰা পেচমেকাৰটো ক্রয় কৰি চিকিৎসকক দিছিল৷ জি এম চি এইচৰ চিকিৎসকে ৰোগীগৰাকীক পেচমেকাৰটো লগাবলৈ লওঁতেই পেচমেকাৰটোত বিসংগতি ধৰা পৰে৷ চিকিৎসকে ঘটনা সন্দর্ভত জি এম চি এইচৰ অধীক্ষক আৰু অধ্যক্ষক অৱগত কৰে৷ জি এম চি এইচৰ চিকিৎসকসকলে পেচমেকাৰটো নকল বুলি নিশ্চিত কৰে৷ নকল পেচমেকাৰটো ছেণ্ট জুড মেডিকেল নামৰ কোম্পানীটোৱে তৈয়াৰ কৰা৷

সমগ্র ঘটনা সন্দর্ভত জি এম চি এইচৰ অধীক্ষকে ভঙাগড় থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত ভঙাগড় থানাত ৩১২/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ জি এম চি এইচ চৌহদৰ ফার্মাচীত নকল পেচমেকাৰ বিক্রী কৰি অহা বিষয়টো স্বাস্থ্য বিভাগে কিদৰে গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like