নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী-ৰ ৰাজপথত ই–ৰিক্সাচালকৰ দৌৰাত্ম্য  

গুৱাহাটী মহানগৰবাসীয়ে সন্মুখীন হৈ অহা সমস্যাৰ ভিতৰত অন্যতম এক গুৰুত্বপূর্ণ সমস্যা হ’ল যান–জঁট৷ মহানগৰীৰ যান–জঁটৰ সমস্যা সমাধানৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশনা অনুসৰি পৰিবহণ বিভাগ আৰু মহানগৰ যান–বাহন আৰক্ষীয়ে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷

সম্প্রতি মহানগৰীৰ বিভিন্ন স্থানত সৃষ্টি হোৱা যান–জঁটৰ অন্যতম এক মুখ্য কাৰক হিচাপে বিবেচিত হৈছে ই–ৰিক্সা আৰু মটৰ ৰিক্সা৷ যান–বাহন আইন উলংঘাৰে মহানগৰীৰ জি এছ ৰোড, আৰ জি বৰুৱা ৰোডকে ধৰি বিভিন্ন স্থানত ই–ৰিক্সাচালকে চলোৱা দৌৰাত্ম্যৰ বাবেই সৃষ্টি হৈ আহিছে যান–জঁটৰ৷

মহানগৰীৰ বেলতলা, ৰাজগড়, নাৰেংগী, ছয়মাইল, খানাপাৰা, ভেটাপাৰা, ৰাজধানী মছজিদ, হাতীগাঁও, লালমাটি, লখৰা, গণেশ মন্দিৰকে ধৰি বিভিন্ন স্থানৰ মূল পথত প্রতিদিনে সহস্রাধিক ই–ৰিক্সাৰ চলাচল অব্যাহত আছে৷ যান–বাহন আইন উলংঘা কৰি মূল পথত ই–ৰিক্সা আৰু মটৰ ৰিক্সা চলোৱাৰ ফলত সদাব্যস্ত পথসমূহত তীব্র যান–জঁটৰ সৃষ্টি হৈ আহিছে৷

ই–ৰিক্সাৰ পৰা সৃষ্টি হোৱা যান–জঁটৰ সমস্যাৰ সমাধানৰ বাবে মহানগৰ জিলা পৰিবহণ বিভাগ আৰু যান–বাহন আৰক্ষীক ভুক্তভোগী লোকসকলে ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে৷ ৰাইজৰ আহ্বানৰ প্রতি সঁহাৰি জনাই মহানগৰ জিলা পৰিবহণ বিভাগে মূল পথত ই–ৰিক্সাৰ আৰু মটৰ ৰিক্সাৰ চলাচল বন্ধ কৰিছিল৷

ইয়াৰ বিকল্প হিচাপে জিলা পৰিবহণ বিভাগে মহানগৰীৰ ৩১টা পথত ই–ৰিক্সা চলাচলৰ বাবে নির্দেশনা জাৰি কৰিছিল৷ পৰিবহণ বিভাগৰ নির্দেশনাৰ পিছতে ই–ৰিক্সাচালক সন্থাই ইয়াৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল৷ কিন্তু পৰিবহণ বিভাগৰ সৈতে হোৱা আলোচনা মর্মে সন্থাই ৰাইজৰ বৃহত্তৰ স্বার্থত মূল পথত ই–ৰিক্সাৰ চলাচলৰ বিপৰীতে পৰিবহণ বিভাগে নির্ধাৰণ কৰা পথসমূহত ই–ৰিক্সা চলোৱাৰ কথা মানি লৈছিল৷

কিন্তু পৰিবহণ বিভাগৰ বিষয়া আৰু যান–বাহন আৰক্ষীৰ নির্লিপ্ততাৰ সুযোগ লৈ একাংশ ই–ৰিক্সাচালকে এতিয়াও মহানগৰীৰ মূল পথসমূহত ই–ৰিক্সা চলাই অহাৰ ফলত ব্যাপক যান–জঁটৰ সৃষ্টি কৰি আহিছে৷ মহানগৰীৰ মূল পথত অবৈধভাৱে চলাচল কৰা ই–ৰিক্সাৰ বিৰুদ্ধে পৰিবহণ বিভাগ আৰু আৰক্ষীয়ে কি পদক্ষেপ গ্রহণ কৰে সেয়া সময়তহে লক্ষণীয় হ’ব৷

Niyomiya Barta Desk, 6 September

You might also like