আজি ৰিঙত নামিব লাভলীনা বৰগোহাঁই, লিভাৰপুলত বিশ্ব বক্সিং চেম্পিয়নশ্বিপ
ইংলেণ্ডৰ লিভাৰপুলত ৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে বিশ্ব বক্সিং চেম্পিয়নশ্বিপ৷ লিভাৰপুলৰ পৰা প্রায় ৭৯৩৫ কিলোমিটাৰ দূৰৈৰ গোলাঘাট জিলাৰ বৰপথাৰত থকা শুভাকাংক্ষী তথা পৰিয়ালৰ মাজত উৎকণ্ঠা বৃদ্ধি পাবলৈ ধৰিছে৷
কিয়নো ভাৰতৰ হৈ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অংশ ল’বলৈ যোৱা লাভলীনাক লৈ যথেষ্ট আশাবাদী হৈ আছে সকলো অনুৰাগী, শুভাকাংক্ষী তথা পৰিয়ালৰ লোক৷
আজি প্রতিযোগিতাখনৰ ৰিঙত নামিব লাভলীনা বৰগোহাঁই৷ ৭৫কেজি শাখাৰ প্রিলিমছ বাউটত লাভলীনাৰ প্রতিদ্বন্দ্বী হ’ব তুৰস্কৰ ইচিলদাৰ বুশ্বলা৷ এক দীঘলীয়া বিৰতিৰ পিছত আন্তঃৰাষ্ট্রীয় প্রত্যাৱর্তনত নিশ্চিতভাৱে লাভলীনাক দৃঢ় আৰু অধিক আত্মবিশ্বাসী হিচাপে ৰিঙত দেখা পোৱা যাব৷
ভাৰতীয় সময় অনুসৰি আজি সন্ধিয়া ৭.১৫ মিনিটত তুৰস্কৰ প্রতিদ্বন্দ্বীগৰাকীৰ বিপক্ষে মুখামুখি হ’ব অসমকন্যা৷ এইখন খেলৰ পিছত আন এখন খেলত জয়ী হ’লেই পদক নিশ্চিত লাভলীনাৰ৷ চলিত বর্ষত অনুষ্ঠিত ৰাষ্ট্রীয় ক্রীড়াত স্বর্ণপদক লাভ কৰি আত্মবিশ্বাসী হৈ আছে লাভলীনা৷
আদিগুৰু বৰপথাৰৰ প্রশান্ত কুমাৰ দাসেও লাভলীনাক শুভেচ্ছা জ্ঞাপন কৰিছে৷ ইতিমধ্যে ভাৰতীয় বক্সিং দলটোত মুঠ ২০ গৰাকী বক্সাৰে প্রতিযোগিতাখনত অংশগ্রহণ কৰিবলৈ গৈছে যদিও জন্মভূমি বৰপথাৰ বুলিয়েই নহয়, সমগ্র অসমবাসীৰ অজস্র শুভাকাংক্ষীৰ দৃষ্টি থাকিব লাভলীনাৰ ওপৰত৷
Niyomiya Barta Desk, 6 September