নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চানমাৰিত বিদ্যুৎস্পৃষ্ট হৈ নুনমাটিৰ যুৱকৰ কৰুণ মৃত্যু

নিয়মীয়া বাৰ্তা ২২ জুলাইঃ চানমাৰিৰ মামণি ৰয়ছম গোস্বামী পথত বুধবাৰে নুনমাটিৰ এজন যুৱকৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ ৰে’ল বিভাগত ঠিকাদাৰৰ অধীনত শ্রমিক হিচাপে কর্মৰত নুনমাটিৰ লখিমী নগৰৰ দিগন্ত দাস (৩১) নামৰ যুৱকজনে আজি চানমাৰিত ৰে’ল বিভাগৰ কাম কৰি থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ ঘটনাস্থলীতে মৃত্যুবৰণ কৰে৷

স্থানীয় ৰাইজৰ সহযোগত ৰে’ল বিভাগৰ ঠিকাদাৰে যুৱকজনক চিকিৎসাৰ বাবে আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ ৰে’ল বিভাগৰ ঠিকাদাৰৰ অধীনত শ্রমিক হিচাপে কর্মৰত দিগন্তই মৃত্যুৰ সময়ত পিতৃ–মাতৃৰ লগতে পত্নী আৰু দুটি কণমানি সন্তানক এৰি থৈ যায়৷ কাৰ গাফিলতিৰ বাবে  বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল সেই ন্যায়িক তদন্ত দাবী কৰিছে দুর্ভগীয়া পৰিয়ালটোৱে৷ ইফালে সৰবৰহী যুৱক দিগন্ত দাসৰ নুনমাটিৰ লখিমী নগৰত শোকৰ ছাঁ পৰিছে৷

You might also like