নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰীক্ষাৰ সিদ্ধান্ত বিবেচনাৰ আহ্বান

বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থাৰ স্মাৰক–পত্র

নিয়মীয়া বাৰ্তা ১ মেঃ আজিও অন্ত পৰা নাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা বিতর্ক৷ ক’ৰোনা মহামাৰীৰ কালছোৱাত বিশ্ববিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰা সন্দর্ভত অলপতে বিশ্ববিদ্যালয় কর্তৃপক্ষই এখন সভা অনুষ্ঠিত কৰি পৰীক্ষা সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰে৷ পৰৱর্তী সময়ত এই সিদ্ধান্ত সন্দর্ভত বিবৃতি প্রকাশ কৰি ছাত্র–ছাত্রীসকলক অৱগত কৰে৷ কিন্তু বিশ্ববিদ্যালয় কর্তৃপক্ষই এই সিদ্ধান্তত একমত হ’ব পৰা নাই গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থা৷

বিশ্ববিদ্যালয় কর্তৃপক্ষৰ এই সিদ্ধান্তত অসন্তুষ্টি প্রকাশ কৰি স্নাতকোত্তৰ ছাত্র সন্থাই শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্যলৈ স্মাৰকপত্র প্রেৰণ কৰে৷ স্মাৰকপত্রত বিশ্ববিদ্যালয়ে লোৱা সিদ্ধান্তসমূহৰ বিৰুদ্ধে কেইবাটাও প্রশ্ণ উত্থাপন কৰি বিসংগিতসমূহ দূৰ কৰিবলৈ বিশ্ববিদ্যালয় কর্তৃপক্ষক আহ্বান জনায়৷ তদুপৰি স্নাতকোত্তৰ ছাত্র সন্থাই বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহ অফলাইন তথা অনলাইন পদ্ধতিৰে অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে৷ স্নাতকোত্তৰ ছাত্র সন্থাৰ সভাপতি উল্লাহ উদীপ্ত বৰা আৰু সাধাৰণ সম্পাদক পার্শ্ব পাটগিৰিয়ে ছাত্র–ছাত্রীসকলৰ মূল্যৱান শিক্ষাবর্ষ যাতে নষ্ট নহয়, তাৰ প্রতি গুৰুত্ব আৰোপ কৰি বিশ্ববিদ্যালয় কর্তৃপক্ষক এইক্ষেত্রত পুনৰ বিবেচনা কৰি সঠিক সিদ্ধান্ত ল’বলৈ আহ্বান জনায়৷

You might also like