নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰিয়াখানা পৰিদর্শন মন্ত্রী পৰিমল শুক্লবৈদ্যৰ

নিয়মীয়া বাৰ্তা, ১২ জুন:  অসম ৰাজ্যিক চিৰিয়াখানা শুকুৰবাৰে পৰিদর্শন কৰে বনমন্ত্রী পৰিমল শুক্লবৈদ্যই৷ মন্ত্রী শুক্লবৈদ্যই মুখ্য বন সংৰক্ষক ড০ অমিত সহাই, ডি এফ অ’ তেজস্ব মৰিস্বামীৰ সৈতে চিৰিয়াখানা পৰিদর্শন কৰি বন্যপ্রাণীৰ স্বাস্থ্যৰ বুজ লয়৷ লগতে চিৰিয়াখানাৰ সুৰক্ষা কর্মীসকলৰো স্বাস্থ্যৰ বুজ লয়৷

উল্লেখ্য যে ১১জন চিৰিয়াখানা কর্মী ক’ভিডত আক্রান্ত হৈছে৷ ইয়াৰ ভিতৰত এজন স্বাস্থ্যকর্মী ক’ভিড পজিটিভ হৈ চিকিৎসাধীন হৈ আছে৷ মন্ত্রী শুক্লবৈদ্যই চিৰিয়াখানা পৰিদর্শন কৰি চিৰিয়াখানাত ক’ভিডৰ সংক্রমণ ৰোধ কৰিবলৈ খাদ্য সামগ্রী বীজাণুমুক্ত কৰাৰ লগতে সম্পূর্ণ নির্দেশনাৱলী মানি চলা হৈছে বুলি সংবাদ মাধ্যমক অৱগত কৰে৷

লগতে চিৰিয়াখানাত গঁড়, হৰিণা আদিক নিয়মীয়াকৈ সতেজ ঘাঁহ যোগান ধৰি অহা হৈছে বুলি জানিবলৈ দিয়ে৷ তদুপৰি ৰিলায়েন্সৰ লগত হোৱা চুক্তি অনুসৰি দুটা ব্লেকপেন্থাৰৰ বিনিময়ত ইজৰাইলৰ পৰা চাৰিটাকৈ জেব্রা আৰু চেক ৰিপাব্লিকৰ পৰা চাৰিটাকৈ বগা ডেউকাৰ দেউহাঁহ চিৰিয়াখানালৈ অনা হ’ব বুলি মন্ত্রীগৰাকীয়ে সদৰী কৰে৷

You might also like