নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰত গোমাঠ বেদখল বালি মাফিয়াৰ

নিয়মীয়া বাৰ্তা, ১২ জুন:  ৰাজ্যৰ সত্র–মন্দিৰ, চৰকাৰী ভূমি একাংশ লোকে বেদখল কৰি অহাৰ সময়তে চন্দ্রপুৰত বালি মাফিয়াই গো চৰণীয়া পথাৰ (গোমাঠ)ৰ কেইবাবিঘা ভূমিত ব্রহ্মপুত্রৰ বালি আৰু মাটি পেলাই দখল কৰিছে৷ চন্দ্রপুৰৰ কৃষিপ্রধান অঞ্চলটোত বালি মাফিয়াই গো চৰণীয়া পথাৰ বেদখল কৰি বালি আৰু মাটি দ’ম কৰি ৰখাত গো–ধনৰ খাদ্য সংকটে দেখা দিছে৷

বন বিভাগ, স্থানীয় আৰক্ষী আৰু ৰাজহ চক্র কার্যালয়ৰ একাংশ অসাধু বিষয়া–কর্মচাৰীক মেনেজ কৰি বালি মাফিয়া চক্রটোৱে বছৰৰ পিছত বছৰ ধৰি ব্রহ্মপুত্রৰ বালি খনন কৰি এনেদৰে গো চৰণীয়া পথাৰত মজুত কৰি ৰাখি ব্যৱসায় চলাই আহিছে৷ প্রতিবছৰে নৱেম্বৰ মাহৰ পৰা এপ্রিল–মে’ মাহলৈকে ব্রহ্মপুত্রৰ বালি আৰু মাটি খনন কৰি বালি মাফিয়া চক্রটোৱে নাৰেংগী–চন্দ্রপুৰ–ম্ সংযোগী ৰাজ্যিক ঘাইপথৰ দাঁতিত থকা গো চৰণীয়া পথাৰত মজুত কৰি ৰখাত গো–পালকসকলে পশুধন চৰাবলৈ ঠাই বিচাৰি নাপাই পশুপালন বৃত্তি এৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷

গো–পালক আৰু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বিগত পাঁচ বছৰ ধৰি হাতীশিলা দুমপাৰা খাংকৰত বালি মাফিয়া চক্রটোৱে এনেদৰে গো চৰণীয়া পথাৰ বেদখলেৰে বালি মজুত কৰি আহিছে৷ এনেদৰে বালি মজুত কৰি ৰাখি বাৰিষাৰ সময়ছোৱাত বালি মাফিয়া চক্রটোৱে গুৱাহাটীৰ বিভিন্ন স্থানলৈ বালি আৰু মাটি সৰবৰাহ কৰি ব্যৱসায় চলাই আহিছে৷ গো–পালকসকলৰ অভিযোগ অনুসৰি, চন্দ্রপুৰৰ খগেশ্বৰ ডেকা (ধন) আৰু বিকাশ নেৱাৰৰ নেতৃত্বত বালি মাফিয়া চক্রটোৱে গো চৰণীয়া পথাৰ দখল কৰি বালি আৰু মাটিৰ ব্যৱসায় চলাই আহিছে৷

উল্লেখ্য যে গো–পালক আৰু স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত তিনি বছৰ পূর্বে চন্দ্রপুৰ ৰাজহ চক্র বিষয়াই গো চৰণীয়া পথাৰত অবৈধভাৱে বালি মজুত কৰি ৰখা মাফিয়া চক্রটোক উচ্ছেদ কৰি পশুধনৰ বাবে চৰণীয়া পথাৰখন মুকলি কৰি দিছিল৷ কিন্তু শক্তিশালী এই বালি মাফিয়া চক্রটোৱে পুনৰ বালি আৰু মাটি গো চৰণীয়া পথাৰত মজুত কৰি ৰখাত অঞ্চলটোৰ গো–পালকসকলে পশুধনৰ বাবে প্রয়োজনীয় ঘাঁহ আৰু খাদ্যৰ সংকটত ভুগিছে৷ বন বিভাগ আৰু আৰক্ষী প্রশাসনৰ জ্ঞাতসাৰে গো চৰণীয়া পথাৰত বালি মজুত কৰি ৰখা বালি মাফিয়াৰ বিৰুদ্ধে জিলা উপায়ুক্তই কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like