নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা অ’লা–উবেৰ বর্জন ছয় সহস্রাধিক চালকৰ

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ দীর্ঘদিন ধৰি থলুৱা চালকসকলক শোষণ কৰাৰ অভিযোগ তুলি কাইলৈৰ পৰা প্রায় ছহেজাৰ চালকে অ’লা–উবেৰ বর্জন কৰিব৷ বহিৰাগত স্বয়ংক্রিয় প্রতিষ্ঠান দুটাৰ বিৰুদ্ধে শোষণৰ অভিযোগ তুলি থলুৱা প্রতিষ্ঠান ‘পেইণ্ডিয়া’ক আঁকোৱালি লোৱাৰ সংকল্পৰে অল গুৱাহাটী কেব ড্রাইভাৰ ইউনিয়ন আৰু অল আছাম কেব মজদুৰ সংঘই এই সিদ্ধান্ত গ্রহণ কৰে৷ বৃহস্পতিবাৰে দিছপুৰ প্রেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰি সংগঠন দুটাৰ বিষয়ববীয়াসকলে অ’লা–উবেৰ প্রতিষ্ঠানে চালকসকলৰ পৰা ৩০–৩৫ শতাংশ কমিছন লোৱাৰ লগতে চালকসকলৰ স্বার্থ সুৰক্ষিত কৰাৰ বাবে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷

বিশেষকৈ ক’ৰোনা মহামাৰীৰ সময়ছোৱাত প্রতিষ্ঠান দুটাই চালকসকলক কোনো ধৰণৰ সহায় কৰা নাই৷ তদুপৰি উৎসৱ–পার্বণৰ সময়ত অধিক ভাৰা বৃদ্ধি কৰি প্রতিষ্ঠান দুটাই চালকসকলক শোষণ কৰি আহিছে৷ একেদৰে দুচকীয়া বাহনৰ জৰিয়তে প্রতিষ্ঠান দুটাই চৰকাৰৰ ৰাজহ ফাঁকি দিয়াৰ অভিযোগ কৰে কেব ড্রাইভাৰ আৰু কেব মজদুৰ সংঘৰ বিষয়ববীয়াসকলে৷ ইউনিয়নৰ সভাপতি ভাস্কৰ তালুকদাৰে কয় যে প্রতিষ্ঠান দুটাৰ মইমতালিৰ বাবে ইতিমধ্যে বহু থলুৱা যুৱকে কর্মসংস্থাপন হেৰুৱাবলগীয়া হৈছে৷ বেংকৰ পৰা ধাৰ লৈ গাড়ী ক্রয় কৰি অ’লা–উবেৰত চলাই পৰিয়াল পোহপাল দিয়াৰ লগতে বেংকৰ ঋণ পৰিশোধ কৰি আছিল যদিও পৰৱর্তী সময়ত প্রতিষ্ঠান দুটাই অধিক কমিছন সংগ্রহ কৰাত বহু চালকে বাহন বিক্রী কৰিবলগীয়া হৈছে৷

প্রথমাৱস্থাত প্রায় ১৮ হাজাৰ চালকে অ’লা–উবেৰত বাহন চলাই জীৱিকা চলাই আছিল যদিও প্রতিষ্ঠান দুটাৰ শোষণৰ কবলত পৰি প্রায় ছহেজাৰ চালকে কর্মসংস্থাপন হেৰুৱাইছে৷ পৰৱর্তী সময়ত ১২ হাজাৰ বাহন চলি আছিল যদিও ক’ৰোনা মহামাৰীৰ সময়ছোৱাত লকডাউনৰ বাবে অ’লা–উবেৰৰ পৰা প্রায় পাঁচ হাজাৰ চালক ওলাই আহিছিল৷ বাকী থকা চালকসকলে বিভিন্ন সমস্যাৰ মাজত বাহন চলাই আহিছিল যদিও চালকসকলৰ সমস্যা সমাধানত গুৰুত্ব আৰোপ নকৰাৰ বাবে প্রায় ছহেজাৰ চালকে আজিৰে পৰা অ’লা–উবেৰ বর্জন কৰি ‘পেইণ্ডিয়া’ত যোগদান কৰি গ্রাহকসকলক সেৱা আগবঢ়াব বুলি তেওঁ জানিবলৈ দিছে৷ ইতিমধ্যে ৬,৭০০ চালকে অ’লা–উবেৰ বর্জন কৰি পেইণ্ডিয়াত যোগদান কৰি গ্রাহকসকলক সেৱা আগবঢ়াই থকা বুলি তেওঁ সংবাদ মেলত সদৰী কৰে৷

You might also like