নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচাং অভয়াৰণ্যৰ বেদখল উচ্ছেদৰ নির্দেশ হাইক’ৰ্টৰ

নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ আমচাং বন্যপ্রাণী অভয়াৰণ্যৰ বেদখল শীঘ্রে উচ্ছেদ কৰাৰ নির্দেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ আমচাং অভয়াৰণ্যত চলি থকা বেদখল সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হোৱা এটা গোচৰৰ শুনানি গ্রহণ কৰি ন্যায়াধীশ এন কে সিং আৰু মনীষ চৌধুৰীৰ খণ্ড বিচাৰপীঠে শীঘ্রে আমচাং অভয়াৰণ্যক বেদখলমুক্ত কৰিবলৈ চৰকাৰক নির্দেশ দিয়ে৷ লগতে ৩ নৱেম্বৰৰ ভিতৰত আমচাং অভয়াৰণ্যৰ সীমা নির্ধাৰণ প্রক্রিয়াৰ প্রতিবেদন ন্যায়ালয়ত দাখিল কৰিবলৈও নির্দেশনা জাৰি কৰে৷

উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা ৭৮.৬৪ বর্গকিলোমিটাৰ মাটিকালিৰে আগুৰা আমচাং অভয়াৰণ্যত একাংশ লোকে বেদখল কৰি আহিছে৷ হাতী, নাহৰফুটুকী, বনগাহৰি, কের্কেটুৱা, গুঁই, অজগৰ, বনকুকুৰাকে ধৰি বিভিন্ন দুষ্প্রাপ্য প্রজাতিৰ বন্যপ্রাণীৰ বাসভূমি আৰু বিভিন্ন ঔষধি গুণসম্পন্ন উদ্ভিদ আৰু গছেৰে ভৰপূৰ আমচাং অভয়াৰণ্যত বেদখল কৰি অভয়াৰণ্যৰ নান্দনিক সৌন্দর্য ম্লান কৰিছে বেদখলকাৰীয়ে৷

উল্লেখ্য যে ৰাজনৈতিক আশিসধন্য একাংশ উদ্যোগপতি ব্যৱসায়ীয়ে আমচাং অভয়াৰণ্যৰ শ শ ভূমি বেদখল কৰি উদ্যোগ স্থাপন কৰাৰ লগতে উচ্চ শিক্ষা প্রতিষ্ঠান স্থাপন কৰি ব্যৱসায় চলাই আহিছে৷ আমচাং অভয়াৰণ্যৰ ভূমি বেদখল কৰি বেদখল কৰি ডনবস্ক’ ইউনিভার্ছিটী স্থাপন কৰি দিনে–নিশাই খনন কার্য চলাই নির্মাণ কৰিছে বিশাল অট্টালিকা৷ ইয়াৰ উপৰি একাংশ অসাধু বন বিষয়াৰে গোপন মিতিৰালি কৰি ৰাজনৈতিক আশিসধন্য অশোক শইকীয়াকে ধৰি বহু ভূ–মাফিয়াই আমচাঙৰ ভূমি বেদখল কৰি ব্যৱসায় চলাই আহিছে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশ অনুসৰি মহানগৰ জিলা প্রশাসনে ২০১৭ চনত ২০টা হাতী, কেইবাখনো এক্সেভেটৰসহ ১৫০০ আৰক্ষীৰ উপস্থিতিত আমচাং অভয়াৰণ্যৰ কাষতে থকা বতাহঘুলিত উচ্ছেদ চলাইছিল৷ তথ্য অনুসৰি অভয়াৰণ্যখনৰ ৮০০ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত আছে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে শীঘ্রে আমচাং অভয়াৰণ্যৰ ভূমি বেদখলমুক্ত কৰিবলৈ দিয়া নির্দেশনা চৰকাৰে কার্যকৰী কৰাত কিমান সফল হয় সেয়া সময়েহে ক’ব৷

You might also like