নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন লেখকৰ পথদ্রষ্টা আছিল হোমেন বৰগোহাঞি

গুৱাহাটী প্রেছ ক্লাবত গ্রন্থ উন্মোচনী অনুষ্ঠানত ময়ূৰ বৰা

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ বৃহস্পতিবাৰে গুৱাহাটী প্রেছ ক্লাবত নর্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ দুখনকৈ গ্রন্থ উন্মোচন কৰা হয়৷ অৰবিন্দ ৰাজখোৱাৰ সম্পাদনা আৰু বিতু বড়াসহ সম্পাদনাৰে প্রকাশ পোৱা ‘অসমীয়া প্রকৃতি–সাহিত্য আৰু সৌম্যদ্বীপ দত্ত’ শীর্ষক গ্রন্থখন উন্মোচন কৰে অনুৰাধা শর্মা পূজাৰীয়ে আৰু ভাস্কৰ ভূঞাৰ সম্পাদনাত প্রকাশ পোৱা ‘বৰগোহাঞি চর্চা’ শীর্ষক গ্রন্থখন উন্মোচন কৰে ময়ূৰ বৰাই৷ ‘অসমীয়া প্রকৃতি–সাহিত্য আৰু সৌম্যদ্বীপ দত্ত’ গ্রন্থখনত অসমীয়া বিভাগৰ স্নাতকোত্তৰ মহলাৰ ছাত্র–ছাত্রীসকলে সৌম্যদ্বীপ দত্তৰ সাহিত্যৰাজিৰ বিচাৰ–বিশ্লেষণ কৰিছে৷ ইয়াৰ উপৰি সৌম্যদ্বীপ দত্তৰ গ্রন্থ সম্পর্কে অসমৰ বিভিন্নজন লেখকে লিখা প্রবন্ধকেইটিমান গ্রন্থখনত সন্নিৱিষ্ট কৰা হৈছে৷

আনহাতে ‘বৰগোহাঞি চর্চা’ গ্রন্থখনত হোমেন বৰগোহাঞিৰ সামগ্রিক কর্মৰাজিক সামৰি বিভাগৰ প্রাক্তন তথা বর্তমানৰ ছাত্র–ছাত্রীসকলে বিভিন্ন প্রবন্ধ লিখিছে৷ উন্মোচনী ভাষণত অনুৰাধা শর্মা পূজাৰীয়ে পৃথিৱীৰ সুস্থ বাতাৱৰণত প্রকৃতি আৰু পাৰিৱেশিক সাহিত্যৰ গুৰুত্ব আৰু প্রকৃতি সুৰক্ষাৰ সম্পর্কে উল্লেখ কৰে৷ ‘বৰগোহাঞি চর্চা’ গ্রন্থখন উন্মোচন কৰি ময়ূৰ বৰাই কয় যে নতুন লেখক আগুৱাই নিয়াৰ ক্ষেত্রত হোমেন বৰগোহাঞিয়ে বিশেষ ভূমিকা লৈছিল৷ অসমৰ সমাজ জীৱনত হোমেন বৰগোহাঞিৰ ভূমিকা আৰু প্রাসংগিকতাৰ বিষয়ে বক্তব্য ৰখাৰ লগতে তেওঁৰ মৃত্যুৰ মাত্র এমাহৰ ভিতৰত নর্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ পৰা ছ’চিয়েল মিডিয়াৰ জৰিয়তে বৰগোহাঞি চর্চাৰ প্রচেষ্টাটো আৰম্ভ হোৱাৰ বাবে বিভাগটোৰ শলাগ লয়৷ অনুষ্ঠানটোত সম্পাদক ভাস্কৰ ভূঞাই ‘বৰগোহাঞি চর্চা’ গ্রন্থখন প্রকাশৰ অন্তৰালৰ কিছু কথা ব্যক্ত কৰে আৰু পৰিশেষত বিভাগৰ হৈ শলাগৰ শৰাই আগবঢ়ায় প্রাক্তন ছাত্র বিতু বডাই৷ পংকজ কুমাৰ দত্তই আঁত ধৰা এই গ্রন্থ উন্মোচনী অনুষ্ঠানটোত মুনমী দত্ত, অনন্ত হাজৰিকা, ধৰণী লাহন, দিব্যৰঞ্জন শর্মা খাটনিয়াৰ, মনজিৎ ৰাজকোঁৱৰ, তপন দত্ত চৌধুৰী, বশিষ্ঠ দেৱ ফুকনৰ লগতে অসমীয়া বিভাগৰ ভালেসংখ্যক প্রাক্তন ছাত্র–ছাত্রী উপস্থিত থাকে৷

You might also like