নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত বন্ধ নহয় অ’লা–উবেৰ

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ গুৱাহাটী মহানগৰীত দীর্ঘদিন ধৰি গ্রাহকসকলক সেৱা আগবঢ়াই অহা কেব সেৱা অ’লা–উবেৰৰ বিৰুদ্ধে কেতবোৰ অভিযোগ তুলি দুটা সংগঠনৰ কিছুসংখ্যক চালকে বর্জন কৰিলেও মহানগৰীত পূর্বৰ দৰেই চলি থাকিব অ’লা–উবেৰ৷ অল আছাম কেব অপাৰেটর্ছ ইউনিয়নৰ সভাপতি ইছমাইল আলীয়ে এক বিবৃতিৰ জৰিয়তে এই কথা সদৰী কৰি সংগঠনটোৰ স্থিতি স্পষ্ট কৰি দিয়ে৷ তেওঁ লগতে বিবৃতিটোত কয় যে অ’লা–উবেৰৰ বিৰুদ্ধে চালকসকলক শোষণৰ অভিযোগ তুলি দুটা সংগঠনে অ’লা–উবেৰ বর্জন কৰিব বিচাৰিছে যদিও ইয়াৰ কোনো বাস্তৱ ভিত্তি নাই৷

ইয়াৰ বিপৰীতে এটা নতুন কেব সেৱাক আঁকোৱালি লোৱাটোৱেই তেওঁলোকৰ মূল উদ্দেশ্য যিটো কেব সেৱাই গ্রাহকসকলৰ চাহিদা কিমানদূৰ পূৰণ কৰিব পাৰিব, সেই লৈ চালকসকলৰ মাজত বহু প্রশ্ণ উত্থাপিত হৈছে৷ দীর্ঘদিন ধৰি অ’লা–উবেৰত বাহন চলাই যিসকল চালকে জীৱিকা চলাই আহিছে, সেইসকল চালকৰ জীৱিকালৈ নতুন প্রতিষ্ঠানটোৱে ভাবুকি কঢ়িয়াই অনাৰ পূর্ণ সম্ভাৱনা আছে৷ অ’লা–উবেৰত বাহন চলাই বহু নিবনুৱাই সংস্থাপন পোৱাৰ লগতে পৰিয়াল চলাই আহিছে৷ একে সময়তে এচাম চালক ৰূপী দালালে নতুনকৈ প্রতিষ্ঠা হোৱা কেব সেৱাৰ জৰিয়তে চালকসকল অধিক লাভান্বিত হ’ব বুলি অপপ্রচাৰ চলাইছে৷ গতিকে অ’লা–উবেৰত বাহন চলাই উপার্জন কৰা চালকসকলক বিভ্রান্ত নহ’বলৈ সংগঠনটোৰ সভাপতিগৰাকীয়ে আহ্বান জনাইছে৷

You might also like